প্ৰেম
যত
উজাগৰী নিশাত সপোনে ডেউকা মেলে
একে একে তিনি হোৱাৰ খেল খেলে
জোনাকে হাঁহি মাৰি গুচি যায়
আকাশৰ বুকুত উম ল'বলৈ ।
পদূলিত হঠাতে অমামিশা নামে
তুমিহীনতাৰ বেদনাত
বৰষা নিগৰে...
সেমেকা ৰাতি
তোমাৰ স্মৃতিয়ে
মোৰ কাণত গুনগুনাই
বুকুৰ ভিতৰত খলকনি লগাই
তোমাক হেৰুৱাৰ বেদনাত
চিঞৰবোৰ গুচি যায়
ক্ৰমশঃ হৃদয়ৰ পৰা বহু আঁতৰত ..
বন্ধ দুচকুৰে বৈ আহে
নিলজ্জ্য চকুলো
উচুপনিৰ শব্দ হৈ…
চিগাৰেটৰ ধোৱাৰে
তুমিহীনতাৰে সুখী হোৱাৰ আখৰা চলে ..!
ঠিকনাঃ লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়
যত
উজাগৰী নিশাত সপোনে ডেউকা মেলে
একে একে তিনি হোৱাৰ খেল খেলে
জোনাকে হাঁহি মাৰি গুচি যায়
আকাশৰ বুকুত উম ল'বলৈ ।
পদূলিত হঠাতে অমামিশা নামে
তুমিহীনতাৰ বেদনাত
বৰষা নিগৰে...
সেমেকা ৰাতি
তোমাৰ স্মৃতিয়ে
মোৰ কাণত গুনগুনাই
বুকুৰ ভিতৰত খলকনি লগাই
তোমাক হেৰুৱাৰ বেদনাত
চিঞৰবোৰ গুচি যায়
ক্ৰমশঃ হৃদয়ৰ পৰা বহু আঁতৰত ..
বন্ধ দুচকুৰে বৈ আহে
নিলজ্জ্য চকুলো
উচুপনিৰ শব্দ হৈ…
চিগাৰেটৰ ধোৱাৰে
তুমিহীনতাৰে সুখী হোৱাৰ আখৰা চলে ..!
ঠিকনাঃ লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়







