মুখৰ কথা বহুত ক'ব পাৰি
হাতে-কামে কৰাৰ বেলিকা হে আলজিভা ফান্দত পৰে
কথা চহকী মানুহে সাৰি যাব পাৰে
কথাৰ মেৰপাক লগায়
তাতে সিহঁত কথাজীৱি
আমাৰ আইতাই কথাৰ কথা ক'ব হেনো জনা নাছিল
যাৰ বাবে ককাই কথাৰ বৰষুণত তিতাইছিল
বৰষুণজাকৰ লগত শিলো সৰিছিল
সেয়ে আইতাৰ বুকুৰ বিষ
কথা ক'ব জনা বাবেইতো চৰুত খোৱা বিড়ালী
গৰাকী সলাই ধুনধুপাচ মাৰি খাই ফুৰিছে
আনৰ মুখৰ ভাত কাঢ়ি নিজৰ পেট ফুলাইছে
তাতে কথাৰ যিহে চেওঁ
যেন বঁটাহে লাগে
কথা বেচি পেট পোহা মানুহবোৰ কণা গোসাঁইৰ ভক্ত
কি চাবা চাপৰিৰ চেওঁ
কথাৰ কথা কৈ থাকিলে ওৰকে নপৰে
কথাৰ মহলাত ৰজাৰো মঙহ সৰে
নহ'লে ৰজাই কথাৰ পদূলিৰ জপনা খুলি
ভিতৰ সোমাই নে?
দূৰভাষঃ ৯৭০৬৮২৯১৫৭
হাতে-কামে কৰাৰ বেলিকা হে আলজিভা ফান্দত পৰে
কথা চহকী মানুহে সাৰি যাব পাৰে
কথাৰ মেৰপাক লগায়
তাতে সিহঁত কথাজীৱি
আমাৰ আইতাই কথাৰ কথা ক'ব হেনো জনা নাছিল
যাৰ বাবে ককাই কথাৰ বৰষুণত তিতাইছিল
বৰষুণজাকৰ লগত শিলো সৰিছিল
সেয়ে আইতাৰ বুকুৰ বিষ
কথা ক'ব জনা বাবেইতো চৰুত খোৱা বিড়ালী
গৰাকী সলাই ধুনধুপাচ মাৰি খাই ফুৰিছে
আনৰ মুখৰ ভাত কাঢ়ি নিজৰ পেট ফুলাইছে
তাতে কথাৰ যিহে চেওঁ
যেন বঁটাহে লাগে
কথা বেচি পেট পোহা মানুহবোৰ কণা গোসাঁইৰ ভক্ত
কি চাবা চাপৰিৰ চেওঁ
কথাৰ কথা কৈ থাকিলে ওৰকে নপৰে
কথাৰ মহলাত ৰজাৰো মঙহ সৰে
নহ'লে ৰজাই কথাৰ পদূলিৰ জপনা খুলি
ভিতৰ সোমাই নে?
দূৰভাষঃ ৯৭০৬৮২৯১৫৭







