নদী আৰু নাৰী......✍ শুভলক্ষী মহন

নাৰীৰ দেহ খহাই বৈ যায় এখন নদী
নদীখন ঠিক নাৰীৰ জীৱন ।

আজীৱন সম্পৰ্কবোৰ নাথাকিলেও
নদী আৰু নাৰীৰ কেতিয়াও শেষ হৈ নাযায়,
যিদৰে আকাশৰ লগত জোন-বেলিৰ ।

এনেকৈয়ে বৈ যায়,
মা'ৰ পৰা দেউতাৰ হৃদয়লৈ
আৰু মোৰ পৰা তোমালৈ ।

এখন ঘৰ এৰি আনখন ঘৰত ভৰি দিওঁতেও
নাৰীৰ কলিজাত নৈয়ে সুঁতি সলাই জীৱনৰ ।
বোৱাই নিয়ে নতুন আশা,
নতুন সপোন আৰু অনেক হেঁপাহ ।

নাৰীৰ সাক্ষী নদী
নদী বৈ যায়,
বৈ যাব নাৰীৰ শৈশৱৰ গৰা ছিঙি,
সেওঁতাৰ পাৰ ভাঙি;
আৰু বুকুৰ পৰা বুকুলৈ স্বপ্নীল সমূদ্র বিচাৰি ।

আচলতে, নদীবোৰ নাৰী
নাৰী নদীৰ অন্য চিনাকি  ।

সেয়ে, নাৰীৰ আজন্ম পৰিচয় নদী।