দিনক দিনে বাৰু কিহৰ ধুমুহা বলে ?
কাকতত চকু ফুৰালেই দেখা পাওঁ
এচাম নৰ-পিশাচৰ কামনাৰ অন্তত
যন্ত্ৰণাত ছটফটাই মৃত্যুক সাবটা
এখনি কৰুণ ছবি।
কিয় বাৰু
চৌদিশে বলিছে নৰহত্যাৰ ধুমুহা ?
কিয় বাৰু আজি
দিনে নিশাই চলিব ধৰিছে
এখন নাটকৰ আখৰা ?
যাৰ শিৰোনাম - 'নৰহত্যা' !
আজোককা দিনৰে কথা
এটি চিৰপৰিচিত সত্য শব্দ
--- 'নৰহত্যা হেনো মহাপাপ' !
আজি হয়তো পাহৰণিৰ গৰ্ভত
এই সত্য শব্দ।
সেয়েহে,
এই পৃথিৱীৰ চৌদিশে ব'লা দেখো
নৰহত্যাৰ ধুমুহা তথা হিংসাৰ উল্লাস।।
কাকতত চকু ফুৰালেই দেখা পাওঁ
এচাম নৰ-পিশাচৰ কামনাৰ অন্তত
যন্ত্ৰণাত ছটফটাই মৃত্যুক সাবটা
এখনি কৰুণ ছবি।
কিয় বাৰু
চৌদিশে বলিছে নৰহত্যাৰ ধুমুহা ?
কিয় বাৰু আজি
দিনে নিশাই চলিব ধৰিছে
এখন নাটকৰ আখৰা ?
যাৰ শিৰোনাম - 'নৰহত্যা' !
আজোককা দিনৰে কথা
এটি চিৰপৰিচিত সত্য শব্দ
--- 'নৰহত্যা হেনো মহাপাপ' !
আজি হয়তো পাহৰণিৰ গৰ্ভত
এই সত্য শব্দ।
সেয়েহে,
এই পৃথিৱীৰ চৌদিশে ব'লা দেখো
নৰহত্যাৰ ধুমুহা তথা হিংসাৰ উল্লাস।।







