নৈ পৰীয়া সাধু......✍ নীতিৰাজ চহৰীয়া

সাগৰ নাই দেখা
নাই জোখা তাৰ গভীৰতা
নৈখনহে দেখিছোঁ
বৈ যোৱা হৃদয়ৰ মাজেৰে
আৰু দেখিছোঁ নৈপৰীয়া বতাহজাকে
তোৰ উন্মুক্ত চুলিকোচাত তোলা সাগৰৰ ঢৌবোৰ ।

এদিন আৰম্ভ হৈছিল আমাৰ নৈপৰীয়া সাধুবোৰ
কেতিয়াবা চিলনীৰ জীয়েকৰ,
কেতিয়াবা তেজীমলাৰ
বতাহ জাকত উৰিছিল আমাৰ হাঁহিবোৰ
আৰু নিস্তব্ধ সময়ৰ বিষন্নতাবোৰ
বৈ গৈছিল নৈখনৰ সৈ'তে
তই যে এদিন ৰংদৈ-ৰাঙলীৰ কথা কৈ কান্দিছিলি
মই বহুদিনলৈ চকুপানীবোৰ বিচৰি ফুৰিছিলো বালিত ।

সাধুবোৰ এদিন শেষ হৈছিল,
শেষ নোহোৱাকৈয়ে
কথাবোৰ শেষ হৈছিল, নোকোৱাকৈয়ে
আৰু আমি নৈখন পাহৰি গৈছিলো
কিন্তু নৈখনে আমাক নাপাহৰে
কেতিয়াবা কাণ পাতি শুনিবি
দেখিবি ই বৈ আছে আমাৰ মাজেৰেই
মোৰ বুকুৰ পৰা তোৰ বুকুলে
সাগৰৰ সন্ধানত ।