ৰাইজৰ বাবে......✍ প্ৰিয়াংশু প্ৰাঞ্জল

আজি ৰাইজৰ বাবে কবিতা লিখিম।

সেইদিনা সকলো আছিল
হয়তো নতুনকৈ হালধীৰ গোন্ধ পোৱাৰ বাবেই
তুমি নাছিলা।

তথাপিও মোৰ বুকুৰ বিষটোৰ কথা
কোৱা নাছিলো ৰাইজক।
কিন্তু ৰাইজে কৈছিল-
বানত কিমান ডুবিল ঘৰ
কিমান উটিল গৰু, ছাগলী।
নৰীয়াত কিমান মৰিল মানুহ।

দীঘলীয়া হিচাপৰ অন্তত মোক সুধিছিল
"অতদিন ক'ত সোমাই আছিলো মই।"

ক'ম নেকি
যে তোমাৰ অভাৱ পূৰণত ব্যস্ত আছিলো।

ঘৰ আহিলো।
নিজকে আইনাত চালো।
কেচিখন লৈ চুলি কাটিলো
ভাৱিলো সলনি হওঁ।

ৰাইজে নিবিচাৰে
মই সলনি হোৱাতো।
ৰাইজে নিবিচাৰে
মই আঁতৰি থকাতো।

আমি কলপাতত ভাত খোৱা মানুহ।
সেই বাবেই তুমি এৰিলা
কিন্তু একেটা কাৰণতে মোক ৰাইজে বিচাৰে তেওঁলোকৰ লগত থকাতো।