ধূসৰ হ'ল মনৰ তিৰবিৰণি......✍ মৃণাল কুমাৰ বৰা

মন দৃঢ় কৰি খেপিয়ালো চৌদিশে
সাবটিলো আকাংক্ষাৰ বন্তি

হঠাৎ বাঢ়ি অহা হেঁ‌পাহ এটাত
দুঃচিন্তাই আহি খামুচি ধৰিলে
ক'ব নোৱাৰাকৈয়ে বিষত ফুলি উঠিল
দেহৰ ভিতৰ, ছটফটালে যন্ত্ৰণাই
ক্ৰমাৎ ধূসৰ হ'ল মনৰ তিৰবিৰণি।

দহিলে অনাকাংক্ষিত চেতনাই,
পাম জানো সেন্দূৰীয়া আলি !
কঁ‌পিলে দুটি ওঁ‌ঠ --

এতিয়া আঙুলিৰে দুগাল স্পৰ্শিলে
ডিঙি মেলি চালে অপৰাহ্নৰ বুকু