মায়াবিনী......✍ সুব্ৰত মজুমদাৰ (বাপী)

আজিৰ বৰষুণজাকে
বৰকৈ তোমাক মনত পেলাইছিল,
ইমান তিতিলো
অলপো আমনি নাপালোঁ
বৰষুণ জাকেও মন উজাৰি
মোক তিয়ালে
এটি অচিন নিচা
নিচাৰ ৰাগীত মতলীয়া
মই নিস্তেজ হৈ ঘাঁহনিত পৰি ৰ'লো
উমান পালোঁ
তুমিয়েই সাৱট নাৰি ধৰি আছা
আকাশ ভাঙি মোৰ গালে - মুখে
ইটোৰ পাছত সিটোকৈ
বৰষুণৰ ফোঁটবোৰে
ইমান যে চুমা খালে
ইমান যে চুমা খালে
লাজত মোৰ চকু যোৰ বন্ধ হ'ল।
ভাল পোৱাৰ মাদকতাই
দেহ-মন জোকাৰি গ'ল
আকাশ - কুসুম হৈ
মোৰ চৌদিশে তুমিয়েই তুমি।
মন, উচপ  খাই উঠিল
অন্তৰৰ অন্তৰেও জনালে
এয়া পুৱাৰ আৰম্ভণী মাথোঁ।
     
ঠিকনাঃ যোৰহাট, দিগম্বৰ চুক
দূৰভাষঃ ৭৫৭৮৯৭৭৭৫৮