মোৰ প্ৰশ্ন তোমাৰ উত্তৰ......✍ সংগীতা চাংমাই

পশ্চিমৰ এজাক চেঁচা সমীৰণে
মোক লৈ গ'ল
তুমি এৰি যোৱা সেই
অভিশপ্ত আবেলিটোলৈ!
সাৰ পাই উঠা সেই আবেলিবোৰ
আৱেগৰ ছটফটনিত কোঙা হৈ গৈছে।
কি যে মধুৰ আছিল!!
উকা কলিজাৰ কোঁহে কোঁহে
ফুলি উঠিছিল কৃষ্ণচূড়াৰ হাজাৰ পাহি;
যেতিয়া তুমি মৰমৰ টোপোলাবোৰ
মোৰ হৃদয়ত তুলি ধৰি
হেঁপাহৰ নদীৰ পাৰত
মোৰ দুচকুত
চকু তুলি ৰৈছিলা,
কুহুমবুলীয়া সূৰুযৰ
সোণালী আভাই
আমাক দুগুণ হেঁপাহ যোগাছিল।
স্ফটিক জলত সিঁচৰিত হৈ থকা
গহীন ছায়াবোৰে আমাক চাই
সহাৰি জনাইছিল!!
         
আহ! বুকুৰ মাজত
এটা বিষ অনুভৱ কৰিছো,
যিটো বিষৰ আৰ্তনাদ কৰি
চিঞৰি উঠিছিলো সিদিনা
পাগলৰ দৰে প্ৰশ্ন কৰিছিলো---
'তুমি পাহৰি যাবানেকি'?? বুলি।

আজিও সপোনত চিৎকাৰ কৰি উঠো
একেটা প্ৰশ্নৰ উত্তৰ বিচাৰি--
"কোৱা, নোকোৱা কিয়,
যাবা নেকি মোক পাহৰি?"
আৰু আজি,
উত্তৰঃ           
মাথো এটি নিৰস হুমুনিয়াহ!
"তুমি পাহৰি গ'লা,
আৰু
মই বাট চাই ৰ'লো !!"