হৃদয় ভঙা যন্ত্ৰণাক্লিষ্ট কান্দোন......✍ শিৰোমণি বৰুৱা

মোৰ কান্দোনত হয়তো কোনো শব্দ নাই
নাই প্ৰমাণ কৰাৰ দৰে দৃশ্যমান চকুপানী
ধূসৰ শূন্যতাই বুকু চিঙি কৈ দিয়ে
হৃদয় ভঙা যন্ত্ৰণা কান্দোনৰ উক্তি
প্ৰিয়তমা হেৰুৱাৰ বুকু ছিন্ন আৰ্তনাদ
কোনে বুজিব, কোনে শুনিব
মোৰ বিৰহকাতৰ আত্মকথা
স্তব্দ নিৰ্জন আন্ধাৰত নিৰাশাৰ চকুত
ৰাতিবোৰৰ কাতৰ ধ্বনি চিৎকাৰ
অস্থিৰ যন্ত্ৰণাময় তাৰকিণী
আজি স্বপ্নবিহীন মোৰ যৌৱন.....

ঠিকনাঃ ঢকুৱাখনা