মৰমৰ,
মই তোমাক ভাল পাওঁ৷ মই জানো এই কথা বাৰে বাৰে শুনি তুমি আমনি পোৱা । তথাপি নোকোৱাকৈ নোৱাৰো, নিলিখাকৈ নোৱাৰো । মই কওঁ--- বাৰে বাৰে কওঁ-- বাৰে বাৰে লিখো, কওঁতে কওঁতে লিখোতে লিখোতে মোৰ মন তোমালৈ মৰমেৰে ভৰি পৰে ----মোৰ মনত তোমাৰ মুখখন ভাঁহি আহে ---মই সুখী হৈ যাওঁ ---কেতিয়াবা ব্যাকুল হৈ পৰো৷
মই জানো তুমি তোমাৰ মনটো আবেগিক হ'বলৈ নিদিয়া --! বাস্তৱবাদী হ'ব খোজা ভাবা কি লাভ হ'ব? সেয়ে মনে মনে থাকা একো নোকোৱা৷ মই জানো তোমাৰ মনত বিভিন্ন ভাবে খুন্দিয়াই একেলগে বহু কথা বহু ---ভাল- বেয়া, শুদ্ধ- অশুদ্ধ --!! তুমি খং উঠিলে মনে মনে থাকা --কিন্তু মই তোমাক বুজো, খঙত দুচকু জলমলায়, তেতিয়া যে মোলৈ নোচোৱা ---।
মোৰ দুচকুলৈ যেতিয়া চোৱা, মোৰ দুচকুৱে তোমাৰ মনৰ ভিতৰখন জুমি জুমি চায় ---নিজকে বিচাৰি! মৰম বোৰ অনুভৱৰ কৰণিত আতোলতোল কৈ ৰাখায়ে মোলৈ ---নোকোৱা, --পিছে এবাৰো ! কিয়? বুজা নুবুজাৰ দোমোজাত কেতিয়াবা ছটফটাও ! তোমাৰ এষাৰ মৰমৰ মাত ----এবাৰ যদি কোৱা --"মই তোমাক ভাল পাওঁ ---বহুত ভাল পাওঁ।" হয় তুমি কোৱা কেতিয়াবা । কেতিয়াবা নোকোৱা --একো নোকোৱা । যদিহে ওচৰত থাকা নক'লেও বুজো দুচকুলে চালে --তোমাৰ হাতে মোৰ হাতত ধৰি থাকিলে৷ কিন্তু দূৰত থাকিলে ---! তোমাক চাবলৈ বৰ মন যায়, দূৰত্ব দীঘলীয়া হৈ গৈ থাকে আৰু মোৰ শান্তি কমি কমি গৈ মোৰ দেহ-মন অশান্ত কৰি তোলে ---- বৰ অসহায় লাগে!
দৌৰি গুচি যাব মন যায় তোমাৰ কাষলৈ ---- । তুমি যে ইমান দূৰত থাকা! মই ঢুকিয়ে নাপাওঁ ---তোমাৰ ছাঁয়াটোও ! আৰু তুমি ! তুমিযে অনুভৱ কৰিব নোৱাৰা ! মোৰ মৰমবোৰ! !! তথাপিও তোমালৈ মৰমবোৰ কমি নাযায়! তথাপিও তোমাক ভাল পাওঁ৷ তোমাৰ বাহিৰে আৰু একোৱেই ভাল নালাগে । তুমি জানা, বুজি পোৱা সেইকথা আৰু সেইবাবেই চাগে তোমাৰ ইমান অহংকাৰ! আৰু মোৰ বাবে সকলোবোৰ ইমান কষ্টকৰ৷
মই তোমাৰ যত্ন ল'ব বিচাৰো৷ বিচাৰো তুমিও মোৰ যত্ন লোৱা৷ বহুত সমস্যা আছিল তোমাৰ সৈ'তে আলোচনা কৰিবলৈ৷বহুত হেঁঁপাহ আছিল তোমাৰ লগত সময় কটোৱাৰ । পিছে--- তোমাৰ যে আহৰিয়েই নাই!
তীব্ৰ গতিত সলনি হৈছে সময় । কেতিয়াও আৰু উভতি নাহিব মোৰ বাবে তোমাৰ সময় --তুমি ব্যস্ত হৈ পৰিবা তোমাৰ দৈনন্দিনতাত আৰু নিস্তেজ হৈ পৰিব মোৰ সময় !!! তুমিটো অনুভৱো কৰিব নোৱাৰিবা তুমিবিহীন এই সময় ---অনাগত জীৱনৰ প্ৰতিটো প্ৰতিটো দিন (এটা দিনত যিমান বাৰ মই উশাহ লম প্ৰতিটো উশাহ ) একো একোটা হুমুনিয়াহ৷ এতিয়া টোপাল টোপালকৈ সৰি থকা অশ্ৰুবোৰ এদিন গোট মাৰিব, শোকবোৰে বুকুত খুন্দিয়াই খুন্দিয়াই থকা সৰকা কৰিলেও মিচিকিয়াই থাকিব লাগিব৷ জীৱনবাটত কোনো অসহায় মুুুহূৰ্তত তোমাৰ বুকুত মূৰথৈ আৰু কন্দা নহ'ব ।তোমাৰ মৰম লগা হাঁহিটো চাই সুখী হবলৈ আৰু অধিকাৰ নাথাকিব৷
অধিকাৰ ! এৰা তুমি মোক সিমান অধিকাৰ কেতিয়াও নিদিলা । যিমান অধিকাৰ পালে অভিমান কৰিব পাৰি ! মই যে তোমাৰ একোৱেই হব নোৱাৰিলো! একোৱেই!
ইতি
তোমাৰ ???
(তুমি মোৰ নহ'লেও মই সদায়ে তোমাৰ ।)







