গুচি যোৱা অতীতক পাহৰি
তুমি উভতি অহা হ'লে,
আদৰি আনি তোমাক
মোৰ হৃদয়ৰ এলবামত সজালোহেঁতেন ৷
কেতিয়াবা বিষাদগস্ত মনে
ইতিকিং কৰি মোক কয়?
তুমি আহিছা বুলি,
মই মাথোঁ চাই ৰওঁ
স্মৃতিৰ পদূলিলৈ …৷
কিজানি তুমি আহি জ্বলাবাহি
মোৰ আকাশৰ নুমাই যোৱা বন্তিগছি …৷
তুমি আহিবা বুলি
মই বাট চাওঁ,
মাজনিশা জোনাকত বহি
তেতিয়া মোক নিসংগতাই আনি দিয়ে,
হৃদয়ৰ বৰ্থিত বেদনা ৷
নিৰৱে বাৰু কিমান বাট চাম?
কেতিয়াবা ভয় লাগে,
কিজানিবা নামি আহিব
মোৰ জীৱনলৈ প্ৰেমৰ শূণ্যতা…৷
তুমি উভতি অহা হ'লে,
আদৰি আনি তোমাক
মোৰ হৃদয়ৰ এলবামত সজালোহেঁতেন ৷
কেতিয়াবা বিষাদগস্ত মনে
ইতিকিং কৰি মোক কয়?
তুমি আহিছা বুলি,
মই মাথোঁ চাই ৰওঁ
স্মৃতিৰ পদূলিলৈ …৷
কিজানি তুমি আহি জ্বলাবাহি
মোৰ আকাশৰ নুমাই যোৱা বন্তিগছি …৷
তুমি আহিবা বুলি
মই বাট চাওঁ,
মাজনিশা জোনাকত বহি
তেতিয়া মোক নিসংগতাই আনি দিয়ে,
হৃদয়ৰ বৰ্থিত বেদনা ৷
নিৰৱে বাৰু কিমান বাট চাম?
কেতিয়াবা ভয় লাগে,
কিজানিবা নামি আহিব
মোৰ জীৱনলৈ প্ৰেমৰ শূণ্যতা…৷







