প্ৰেমৰ কবিতা......✍ লাচিত কুমাৰ দাস

তেওঁৰ দুচকুৰ মেঘৰ পৰা
এটি টোপাল আলফুলে সৰিছিল
মোৰ তৃষ্ণাতুৰ বুকুৰ উপত্যকাত
আৰু মোৰ উশাহবোৰ
নিশাৰ দৰেই গভীৰ হৈ উঠিছিল

ৰাতিপুৱা এজাক পখিলা
তেওঁৰ চুলিটাৰিত ওমলি আছিল
ৰাতি ফুলি উঠা ফুলৰ সুবাস ল'বলৈ৷