(এক)
জাতীয়তাবোধ তোৰ আছে বুলি জানোঁ।
সেই বাবেই তোক আমি বুকুতেই ৰাখোঁ।
জাতি তোৰ মুখাপেক্ষী,
কথাবোৰ ভাবি চাবি,
কাললৈকে সুক্ষ্যাতি তোৰহে মই দেখোঁ।
(দুই)
জানো মই কাম তই ভাবি চিন্তি কৰ'।
ভাবিবিচোন কথাটি আমিও যে নৰ'।
বহু আছে ছদ্মবেশী,
তোৰো কিন্তু প্ৰতিবেশী,
ভালদৰে খোজ দিবি পিচলি যাতে নপৰ'।
(তিনি)
খাৰ খোৱা অসমীয়া খাৰ খায়েই গ'ল।
দুই-চাৰি সঁচ তাৰ এতিয়াও ৰ'ল।
সিহঁতেই খালে দেশ,
এতিয়াও একে বেশ,
যাৰ বাবে মোৰ দেশ একে ভাৱেই ৰ'ল।
(চাৰি)
ভাৰতীয় ইতিহাস অতি নিদাৰুণ।
কালপ্ৰীত বোৰকে আমি সাজিছো অৰুণ।
শিপাবোৰ বৰ তিতা,
ভেটিত লগাবি জিকা,
ক'লো মই এই কথা তই যে তৰুণ।
জাতীয়তাবোধ তোৰ আছে বুলি জানোঁ।
সেই বাবেই তোক আমি বুকুতেই ৰাখোঁ।
জাতি তোৰ মুখাপেক্ষী,
কথাবোৰ ভাবি চাবি,
কাললৈকে সুক্ষ্যাতি তোৰহে মই দেখোঁ।
(দুই)
জানো মই কাম তই ভাবি চিন্তি কৰ'।
ভাবিবিচোন কথাটি আমিও যে নৰ'।
বহু আছে ছদ্মবেশী,
তোৰো কিন্তু প্ৰতিবেশী,
ভালদৰে খোজ দিবি পিচলি যাতে নপৰ'।
(তিনি)
খাৰ খোৱা অসমীয়া খাৰ খায়েই গ'ল।
দুই-চাৰি সঁচ তাৰ এতিয়াও ৰ'ল।
সিহঁতেই খালে দেশ,
এতিয়াও একে বেশ,
যাৰ বাবে মোৰ দেশ একে ভাৱেই ৰ'ল।
(চাৰি)
ভাৰতীয় ইতিহাস অতি নিদাৰুণ।
কালপ্ৰীত বোৰকে আমি সাজিছো অৰুণ।
শিপাবোৰ বৰ তিতা,
ভেটিত লগাবি জিকা,
ক'লো মই এই কথা তই যে তৰুণ।







