বাটে বাটে নীলা ঈশ্বৰ এজন গৈ আছে
আৰু
তেওঁক আগুৰি এজাক মানুহৰ চিঞৰ, হৈ-হাল্লা ।
নগৰৰ দেৱালবোৰ গাভৰু হৈ উঠে
ঈশ্বৰজনে নগৰখন পাৰহৈ
যেতিয়া নদীত জলকেলি কৰিব যায়
গধূলি সকলোৱে পদূলিত মম লগাই থয়
ঈশ্বৰ উভতি আহি এসাঁজৰ আলহী হয় এঘৰত
যিদিনা মতা মানুহবোৰ নগৰ এৰি বাহিৰলৈ যায়
আঙুলি গঁজিছে বতাহত
আঙুলিবোৰে খাই নিছে
গছ মাটি নদী সৰ্বত্ৰ ।
একোটাহঁক আঙুলি একোখন হাত হৈ পৰিছে
দীঘল দীঘল হাত একোখন
চেপাত উশাহৰে উশাহ হেৰাব লাগিছে
বজ্ৰকঠিন হাতখনৰ মুঠিত বন্দী ছটফটনি
নাৰী আৰু ছাঁয়া
টোপনিত মোৰ ঈশ্বৰজন আহিছিল
আৰু নগৰখনৰ ৰাতিবোৰ
চিঞৰ বাখৰ ঢোল বাজনাক লৈ
পদূলিবোৰক আকৌ গৰম দেখাইছে ।
মানুহবোৰে এতিয়াও ঘাঁঁহ চোবাই আছেহঁক
ঈশ্বৰ এইবাটেই আহিছে
নগৰখন পাৰহৈ গৈ নদীত জলকেলি কৰিব
আৰু
তেওঁক আগুৰি এজাক মানুহৰ চিঞৰ, হৈ-হাল্লা ।
নগৰৰ দেৱালবোৰ গাভৰু হৈ উঠে
ঈশ্বৰজনে নগৰখন পাৰহৈ
যেতিয়া নদীত জলকেলি কৰিব যায়
গধূলি সকলোৱে পদূলিত মম লগাই থয়
ঈশ্বৰ উভতি আহি এসাঁজৰ আলহী হয় এঘৰত
যিদিনা মতা মানুহবোৰ নগৰ এৰি বাহিৰলৈ যায়
আঙুলি গঁজিছে বতাহত
আঙুলিবোৰে খাই নিছে
গছ মাটি নদী সৰ্বত্ৰ ।
একোটাহঁক আঙুলি একোখন হাত হৈ পৰিছে
দীঘল দীঘল হাত একোখন
চেপাত উশাহৰে উশাহ হেৰাব লাগিছে
বজ্ৰকঠিন হাতখনৰ মুঠিত বন্দী ছটফটনি
নাৰী আৰু ছাঁয়া
টোপনিত মোৰ ঈশ্বৰজন আহিছিল
আৰু নগৰখনৰ ৰাতিবোৰ
চিঞৰ বাখৰ ঢোল বাজনাক লৈ
পদূলিবোৰক আকৌ গৰম দেখাইছে ।
মানুহবোৰে এতিয়াও ঘাঁঁহ চোবাই আছেহঁক
ঈশ্বৰ এইবাটেই আহিছে
নগৰখন পাৰহৈ গৈ নদীত জলকেলি কৰিব







