মুখা......✍ ৰিম্পী গগৈ

- ভাল সময় তোমাৰ হাতলৈ আহিছে যেতিয়া কিয় আঁতৰি যাব দিছা, ধৰি ৰাখা সময় থাকোতেই ৷
- চেষ্টা কৰিব লাগিব ৷
- ইমান মৌন কিয় ?
- মৌনতাৰো ভাষা থাকে ৷
- বুজিব পাৰি হৃদয়ৰে, সেই ভাষাবোৰ ৷
- তেন্তে বুজিব চেষ্টা কৰা ৷
- চেষ্টা কৰিম তোমাৰ মৌন ভাষাবোৰৰ অৰ্থ বুজিবলৈ ৷
- বুজাব পাছতে হেৰাই যাব বুলি ভয় লাগে ৷
- যাবলৈ খোজোতেই ধৰি ৰাখিবা তোমাৰ দুয়োহাতৰ মুঠিত ৷
- যদি নোৱাৰো ?
- সময়ৰ বতাহজাক বুকুত ধৰি ৰাখিবা, নিশ্চয় পাৰিবা ৷
- বান্ধোন ভাঙি যায় যদি !
- যেতিয়া বুকুত মৰমেৰে সিঁচৰতি কৰি পেলাব তেতিয়া সেই বান্ধোন ধুমুহাই ক্ষত বিক্ষত কৰিব নোৱাৰে ৷
- মোৰ হৃদয়খন তোমাক দিলো, ধৰি ৰখাটো তোমাৰ কৰ্তব্য ৷
- ভয় হয়, আজি কালি হৃদয়ৰ কোনো মূল্য নাই ! হৃদয়খন মোক ধাৰলৈ নিদিবা, মৃত্যুৰ শেষ সময়লৈকে দিয়া চিৰদিন ৷
- চিৰদিনৰ বাবেইটো দিছো ৷ মৃত্যুৰ নাম নক'বা চোন ৷
-মই মৃত্যুৰ কথা ক’লে কিয় ভয় হয় তোমাৰ ? যেতিয়া মোৰ মৃত্যু কাষ চাপিব মোক ধৰি ৰাখিব পাৰিবা জানো তুমি ?
- মৃত্যুৱে সকলো সুখ কাঢ়ি নিয়ে বাবে ভয় হয় ৷
- আমাৰ পৰা কাঢ়ি নিব নোৱাৰে ৷
- বিশ্বাস ৰাখিবা সদায় ৷
- বিশ্বাস নামৰ জেওৰা খন একেলগে গাঁঁথিম ৷ হৃদয়ৰ চাৰিওকাষে খুব সাৱধানে বেৰি ৰাখিম ৷

হোৱাটচ্ এপৰ পুৰণি মেছেজবোৰ কেতিয়াবা মাজে মাজে পঢ়ি চাই শিখাই ৷ এই মেছেজবোৰেই শিখা আৰু ৰণৰ প্ৰেমৰ আৰম্ভণিৰ বীজ আছিল ৷ ৰণৰ কথাবোৰে শিখাক তাৰ প্ৰেমত পেলাইছিল ৷ এই মেছেজবোৰ চাই এতিয়া শিখাই কেতিয়াবা হাঁহে আৰু কেতিয়াবা কান্দে ৷ হাঁহে এই বাবেই যে এই ৰণ নামৰ কবিজনে এনেদৰে আৰু কেইজনী শিখাৰ লগত প্ৰেমৰ নাটক কৰিছে, তাকে ভাৱে ৷ তাইৰ হাঁহি উঠে ৰণৰ এই কথাবোৰ লগত তাৰ বাস্তৱবোৰ যেতিয়া তুলনা কৰি চাই ৷ মুখা পিন্ধি থকা ৰণৰ প্ৰকৃত চেহেৰাটোৰ বাবে শিখাৰ হাঁহি উঠে ৷ পুনৰ তাই কান্দি উঠে, এনেকুৱা ল’ৰা এজনৰ প্ৰেমত বাৰু তাই পৰিব লাগে নে ? সদায় মানুহ চিনাত ভুল নকৰা শিখাই কিন্তু ৰণক চিনি পোৱাত ভুল কৰিলে ৷ ৰণৰ মুখাৰ আঁৰৰ মুখখন চিনি নাপালে শিখাই ৷

দুমাহৰ আগৰ কথা ৷ শিল্পী নামৰ ছোৱালী এজনীয়ে শিখালৈ ফেচবুকত ফ্ৰেণ্ডৰিকুৱেষ্ট পঠাইছিল ৷ তাই শিল্পীৰ একাউণ্টটো চাই দেখিলে যে এইজনীচোন ৰণৰ ভনীয়েক (ৰণে এদিন শিল্পীৰ ফটো এখন শিখাক দেখুৱাইছিল, তাৰ ভনীয়েক বুলি) ৷ শিখাই শিল্পীৰ ৰিকুৱেষ্টটো গ্ৰহণ কৰিলে আৰু অলপ পাছত শিল্পীলৈ মেছেজ কৰিলে --
- হাই, তুমি ৰণৰ ভনীয়েক নেকি ?
- আপুনি ৰণৰ কোন নো ?
- মই ৰণৰ গাৰ্লফ্ৰেণ্ড ৷ সি এদিন মোক তোমাৰ ফটো দিছিল, তুমি তাৰ মামাৰ ছোৱালী বুলি কৈছিল ৷
- অ’ বা, বুজিলো সকলো ৷ আপুনাৰ হোৱাটচ এপ নম্বৰটো দিয়কচোন, তাতে কথা পাতিম৷

শিল্পীৰ লগত কথা পাতি তাই জানিলে ৰণে শিল্পীৰ লগতো সম্পৰ্ক ৰাখিছিল ৷ তাৰ পাছত দুয়োজনীয়ে গ্ৰুপ খুলি ৰণক সুধিছিল সি কাক ভালপাই আৰু কাৰ লগত থাকিব ৷ ৰণে শিল্পীৰ কথা ক’লে ৷ শিখায়েও শিল্পীৰ লগত কথাপাতি বুজিছিল যে তাই ৰণক বহুত ভালপাই ৷ সেইবাবে শিখায়েও সিহঁতৰ জীৱনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ল’লে ৷

এইবোৰৰ পাছতো ৰণে মাজে মাজে আগৰ দৰে শিখালৈ মেছেজ দিছিল ৷ কিন্তু তাই শিল্পীৰ কথা ভাবি তাৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিছিল ৷ ইফালে শিল্পীয়েও কেতিয়াবা “বা” সম্বোৰ্ধন কৰি শিখাৰ ভাল বেয়া খবৰ লয় ৷ তাই শিল্পীৰ লগত ভালকৈয়ে কথা পাতে ৷ মাজে মাজে শিল্পীয়ে তাইক কয় “বা তাৰ আৰু গৰ্লফ্ৰেণ্ড আছে হ’বলা, মোৰ কেতিয়াবা তেনেকুৱা লাগে ৷ মই তাক বহুত ভালপাও বা, তাক এৰিব নোৱাৰো ৷” শিল্পীৰ কথাশুনি শিখাই মনে মনে কান্দি উঠে ৷ বহু অনুসন্ধান কৰি শিখাৰ গম পাইছে ৰণৰ আৰু প্ৰেমিকা আছে, কবিতাৰ মায়াৰে সি মুহি ৰাখে সকলোকে ৷

আজিকালি শিল্পীয়ে ফোন বা মেছেজ কৰিলে ব্যস্ততাৰ অযুহাতত শিখাই বেছি সময় কথা নাপাতে, আচলতে কথা পাতিব নোৱাৰে শিখাই ৷ এফালে শিখাৰ ৰণৰ বাবে থকা অকৃত্ৰিম প্ৰেম অনফালে ৰণৰ প্ৰেমৰ নাটক ৷ শিখা আজি দুই নাও দুই ভৰি তাই শিল্পীক ৰণৰ সকলো কথা জনাই সিহঁতৰ সম্পৰ্ক শেষ কৰিবলৈ ক’ব নে শিল্পীৰ প্ৰেমক আৰু গভীৰ হ’বলৈ ক’ব ৷ শিল্পীয়ে যদি শিখাক ভুল বুজে, ৰণক নিজৰ কৰি নোপোৱাৰ বাবে শিখাই এইবোৰ মনে সাজি শিল্পী আৰু ৰণৰ সম্পৰ্ক শেষ কৰিবলৈ চেষ্টা কৰা বুলি ভাৱে ৷ আজিকালি শিল্পীৰ লগত কথা পাতিলে শিখাই নিজেই এখন মুখা পিন্ধি থকাৰ দৰে হয়, ৰণৰ বিষয়ে একো নজনাৰ অভিনয়ৰ ৷ সেয়ে শিখায়ে ব্যস্ততাৰ অযুহাতত শিল্পীৰ লগতো কথাপাতিবলৈ এৰিব লৈছে ৷ কাৰণ শিখায়ে মুখা বেয়া পায় ৷

ঠিকনাঃ নকছাৰি, যোৰহাট