হিয়া মই তোমাক বহুত ভাল পাওঁ ... নিয়ৰৰ কথা শুনি ক্ষন্তেক পলকৰ বাবে হিয়াই আকুলতা ভৰা চাৱনিৰে নিয়ৰৰ নয়নযুৰিলৈ চাই থাকিল ৷ কিছু সময় দুয়ো মৌন হৈ থাকিল ৷ অলপ সময়ৰ পাছত নিয়ৰে পুনৰ ক'লে - হিয়া মই তোমাক মোৰ হৃদয়ৰ নিভৃত কোণত অনাবিল মৰমেৰে প্ৰতি দিনে সজীৱ কৰি ৰাখিব বিচাৰো৷ হিয়াই নিয়ৰক ক’লে - তুমি পাৰিবা জানো মোক তোমাৰ কৰি ল’ব ৷ তোমাৰ মোৰ যে জাত একে নহয় ৷
নিয়ৰ - মই কোনো জাত পাত , ধনী - দুখীয়া নামানো হিয়া ৷ মই এটাই জানো হিয়া দুখন পৱিত্ৰ হৃদয়ে যদি ইজনে সিজনক বিচাৰে তেন্তে মিলন হ’ব লাগে ৷ ক্ষন্তেকৰ বাবে হিয়া ভাবুক হৈ পৰিল ৷ অলপ সময়ৰ পাছতেই এটি মিচিকিয়া হাঁহি মাৰি হিয়াই ক’লে মইয়ো তোমাৰ হৃদয়ৰ ৰাণী হ’ব বিচাৰো নিয়ৰ ৷ হিয়াৰ কথা শুনি নিয়ৰৰ বুকুখন এমুঠি আশা ভৰা সেউজীয়াই সজীৱ কৰি তুলিলে৷








