মিণ্টু সদায় বাইক লৈ অফিচলৈ আহে যদিও সেই দিনা বিশেষ কাৰণত মেজিকত আহিব ল'গা হ'ল। বৰুৱা চাৰিআলিত মেজিকৰ পৰা নামি ৰিক্সা এখন ধৰি অফিচৰ ঠিকনাটো ৰিক্সাৱালা জনক জনাই অফিচলৈ বুলি ৰাওনা হ'ল। ৰিক্সাৱালা জনে ৫০ টকা দিব লাগিব বুলি জনালে। অলপ পলম হোৱা বাবে সি দৰদাম কৰি নাথাকি ৰিক্সাৱালা জনক অলপ খৰকৈ যাবলৈ ক'লে।অফিচৰ তলত ৰিক্সাৰ পৰা নামিয়েই মনিপাছৰ পৰা পইচাটো উলিয়াই ৰিক্সাৱালা জনক দি লৰালৰিকৈ অফিচৰ দ্বিতীয় মহলালৈ উঠি গ'ল। সদায় থোৱা নিৰ্দিষ্ট ঠাইত বেগটো থৈ সি বাথৰূমত সোমাল। বাথৰূমৰ পৰা হাত-মুখ ধুই ওলাই আহি ৰিক্সাৱালাজন অফিচৰ বাহিৰত ৰৈ থকা দেখি সি আচৰিত হ'ল। তাৰ মনত সন্দেহ উপজিল লৰালৰিকৈ পইচা কমকৈ দিলে বুলি ভাবি। বাহিৰ উলাই গৈ সুধিলে,"কি হ'ল দাদা? পইছা ক'মকৈ দিলো নিকি?"
"নহয় ছাৰ আপুনি জোখতকৈ বহুত বেছিকৈহে দিলে।৫০ টকা ঠাইত ৫০০ টকা দিলে আপুনি।"এনেকৈ কৈ ৰিক্সাৱালা জনে তাক ১০০ টকীয়া চাৰিখন আৰু ৫০ টকীয়া এখন তাৰ হাতত গুজি দিলে। সি কিবা এটা ক'বলৈ পোৱাৰ আগতেই ৰিক্সাৱালা জন তললৈ নামি গ'ল।সি মাথোঁ বহু সময় ৰিক্সাৱালা জন যোৱাৰ ফালে একেথৰে চাই ৰ'ল।
ৰিক্সাৱালা জনৰ সততাই তাক ভবাই তুলিলে এতিয়াও যে পৃথিৱীত সৎ মানুহৰ অভাৱ হোৱা নাই।








