(১)
মাজৰাতি উচুপি থকা
জোনটোক ক'লো-
'তাই আহিছিলহে, আকৌ এৰি থৈ গ'ল..'
উত্তৰত সি ক'লে-
'গাৰুৰ গিলিপত শূন্যতাৰ
কেনভাঁচ আঁকিবলৈয়েটো সৃষ্টি হৈছিল
তোমাৰ ভালপোৱা...'
ক'ৰবাত বিষাদৰ সুহুৰি এটি বাজি উঠিল...
(২)
মেঘফুল ফুলা ৰাতি এটিত
প্ৰেমত পৰো,
তুমিহীনতাত আত্মজাহ
দিব নোৱাৰো বাবেই
আকাশ খনক সাবটি ধৰো
আৰু অনুভৱ কৰো
নীলাবোৰোচোন শূন্যৰেই উপাসক...!
(৩)
ৰাতি ৰাতি একোজাক বৰষুণত তিতো
আৰু জিলিৰ মাতত বিচাৰি ফুৰো
তোমাৰ পৰা শূন্যতাৰ দূৰত্ব...
ক'ৰবাত বিষাদমালা হৈ
সৰি থাকে মৌনতাবোৰ...
কাৰোবাৰ উদং আঙুলিৰ ফাঁকেৰে !
(৪)
মোৰ বুকুত এতিয়া শূন্যতাৰ প্ৰলেপ !
তুমি মোক এৰি থৈ যোৱা বাটটিত,
এতিয়াও খহি পৰে
মোৰ নাঙঠ যৌৱন...
উভতি অহাৰ ইমানবোৰ অনুৰোধ
- অৰ্থহীন
উৰুঙা উদং এখিলা সৰাপাতত
তোমাৰ প্ৰেমিকজন এতিয়াও জীৱিত...!
মাজৰাতি উচুপি থকা
জোনটোক ক'লো-
'তাই আহিছিলহে, আকৌ এৰি থৈ গ'ল..'
উত্তৰত সি ক'লে-
'গাৰুৰ গিলিপত শূন্যতাৰ
কেনভাঁচ আঁকিবলৈয়েটো সৃষ্টি হৈছিল
তোমাৰ ভালপোৱা...'
ক'ৰবাত বিষাদৰ সুহুৰি এটি বাজি উঠিল...
(২)
মেঘফুল ফুলা ৰাতি এটিত
প্ৰেমত পৰো,
তুমিহীনতাত আত্মজাহ
দিব নোৱাৰো বাবেই
আকাশ খনক সাবটি ধৰো
আৰু অনুভৱ কৰো
নীলাবোৰোচোন শূন্যৰেই উপাসক...!
(৩)
ৰাতি ৰাতি একোজাক বৰষুণত তিতো
আৰু জিলিৰ মাতত বিচাৰি ফুৰো
তোমাৰ পৰা শূন্যতাৰ দূৰত্ব...
ক'ৰবাত বিষাদমালা হৈ
সৰি থাকে মৌনতাবোৰ...
কাৰোবাৰ উদং আঙুলিৰ ফাঁকেৰে !
(৪)
মোৰ বুকুত এতিয়া শূন্যতাৰ প্ৰলেপ !
তুমি মোক এৰি থৈ যোৱা বাটটিত,
এতিয়াও খহি পৰে
মোৰ নাঙঠ যৌৱন...
উভতি অহাৰ ইমানবোৰ অনুৰোধ
- অৰ্থহীন
উৰুঙা উদং এখিলা সৰাপাতত
তোমাৰ প্ৰেমিকজন এতিয়াও জীৱিত...!







