হালধীয়া অশ্ৰু.....✍ সংগীতা চাংমাই

সোণাৰুৰ লয়লাস গাথাৰ ভাঁজে ভাঁজে
আছে বহু সপোনৰ সোৱাগমণি,
নিথৰ হৈ চাই পেলাও
অন্তৰৰ হেঁপাহ যোৰাই,
চমক লগা হালধীয়া ওৰণিৰ তলৰ অপূৰ্ব পাপৰিবোৰে
মোৰ ভৰিৰ তললৈ শিপাই গ'ল,
আহ! কি মধুৰ তুমি!
কি আছে তোমাৰ হালধীয়াবোৰত ?
তুমিয়েই সিঁচিছা
স্মৃতিৰ জীৰ্ণ জুপুৰিত
কুহুমবুলীয়া এছাটি কৰুণ আভা।
তোমাৰ হালধীয়াবোৰত
লুকাই আছে যেন
এচমকা বিষাদ বিষাদ
লগা মেঘৰ পাহি!
তোমাৰ হালধীয়াবোৰে
মোৰ অন্তৰৰ ভৰুণ দুচকুত
আঁকি দিছে তপত 'অশ্ৰুৰেখা'।।