হৃদয়ৰ স্বতন্ত্ৰ সুবাস.....✍ ব্ৰজেন মেধি

বহু অপেক্ষাৰ অন্তত অাহিছিলা
তুমি মোৰ জীৱনলৈ
এজাক বৰষুণ হৈ,
মোৰ উকা হিয়াখনি
জীপাল কৰিছিলা
অাহিছিলা এন্ধাৰ জীৱনলৈ
এটি জোনাকী হৈ,
বুকুত জাগিছিল বহুতো হেঁপাহ
ভাৱিছিলো গোটেই জীৱন থাকিম
বৰষুণ জাকত তিতি,
জোনাকীৰ সৈ'তে নাচি,
ক'ৰ পৰা নো অাহিল
অচিনা বতাহজাক
সকলো উৰুৱাই নিলে
বিশ্বাসৰ চকুজুৰিয়ে যতনোৱা
হিয়াৰ অনুভূতিবোৰো
চেদেলি- ভেদেলি কৰি পেলালে
বিধ্বস্ত কৰিলে
কল্পনাৰ নিৰলা পঁজা
অাজি শব্দৰ বুকুত নিস্তব্ধ
প্ৰতোটো নিশা
কিন্তু অাজিও মই বিচাৰো
সান্নিধ্যৰ মধুৰ স্মৃতিবোৰ
উভতাই পাবলে
হয়তো কেতিয়াবা অাকৌ অাহিব
হেঁপাহৰ বৰষুণ জাক
ছন্দত ছন্দ লাগি
জীপাল হৈ উঠিব
হৃদয়ৰ স্বতন্ত্ৰ সুবাস

ঠিকনাঃ হাজো বৰচাপৰি