লিমাৰিক......✍ আনন্দ কুমাৰ নাথ

(এক)
হাতী পদুমৰ বুজাবুজি, বাচক গাদী, যাওক জাতি
নিৰ্বাচনৰ হে চমক আছিল'জাতি- মাটি- ভেঁটি'৷
হাতীৰ চুমা পদুমৰ গালি
ৰাইজক উপহাস কেনেপালি,
'সোণৰ অসম'গঢ়োতা হাতীয়ে বোকা ল'লে লেটি৷৷

(দুই)
খাল খান্দি ঘঁৰিয়াল চপালি 'অচ্ছেদিন'অৰ আশাত
মূল্যবৃদ্ধিৰ কেঁকোৰা চেপাত জনতাৰ হেৰাল মাত৷
শ্বাহ-মোদীৰ ভাষণতে ষ
'পৰিৱৰ্তন'অৰ নাই লেশ,
জনাৰ্দনে খাইছে দেৱভোগ, জনতাৰ নিমখ ভাত ৷

(তিনি)
মদ নিবাৰণী সভাৰ সভাপতি হ'ল শ্ৰীযুত বৰুৱা
মাহেকীয়া মদৰ বাকী জগত খনতে ধৰুৱা ।
ভাষণত ক'লে কমাওক মদ
একেবাৰে এৰিলে হ'ব বিপদ,
ভাষণ শুনি জনতাৰ উল্লাস কথা বৰ সাৰুৱা !!

(চাৰি)
হাতত চেইন, ডিঙিত খাৰু, কাণত ওলমা ফুলি
মূৰটো হে টকলা ভাই নাই পিঠিত পৰা চুলি৷
নাৰী পুৰুষৰ সমাহাৰ
ইটোতকৈ সিটো চাৰ,
কোনোবাৰ অভিধা সিহঁতক আধুনিক কিন্নৰ বুলি৷