দিৱস এটি আমাৰ বাবেও
সেই দিনত আমি
পুতৌ পাওঁ নে সন্মান পাওঁ
মনবোৰত থৌকি- বাথৌৰ সোঁত
হাঁহিম নে কান্দিম!
এনে দিনত আমালৈ
মৰমবোৰ যে সেউজীয়া হৈ
বেৰি ধৰে৷
সন্মানৰ সাতসৰী ডাল পিন্ধো বুকু ফিন্দাই
"আমি যে শ্ৰমিক"
অহংকাৰ এটিয়ে দেহ- মনত
গুনগুনাই থাকে আইৰ
মুখৰ নিচুকনীৰ দৰে৷
কত অচনি কত পদক্ষেপ.......
বাহি হৈ পৰি ৰ'য় ফাইলৰ মাজত অহা বছৰলৈ
সুযোগ বুজি ভোক -দৰিদ্ৰতাৰ উপদ্ৰপ পুনৰ
সুললিত হয় আমাৰ জীৱনত--
এদিনৰ ৰং,
এদিনৰ সন্মান
লেৰেলী শুকাই কোঙা কৰা অভাৱৰ
সাঁচতীয়া সপোন হৈ ৷
ঠিকনাঃ গুৱাহাটী
সেই দিনত আমি
পুতৌ পাওঁ নে সন্মান পাওঁ
মনবোৰত থৌকি- বাথৌৰ সোঁত
হাঁহিম নে কান্দিম!
এনে দিনত আমালৈ
মৰমবোৰ যে সেউজীয়া হৈ
বেৰি ধৰে৷
সন্মানৰ সাতসৰী ডাল পিন্ধো বুকু ফিন্দাই
"আমি যে শ্ৰমিক"
অহংকাৰ এটিয়ে দেহ- মনত
গুনগুনাই থাকে আইৰ
মুখৰ নিচুকনীৰ দৰে৷
কত অচনি কত পদক্ষেপ.......
বাহি হৈ পৰি ৰ'য় ফাইলৰ মাজত অহা বছৰলৈ
সুযোগ বুজি ভোক -দৰিদ্ৰতাৰ উপদ্ৰপ পুনৰ
সুললিত হয় আমাৰ জীৱনত--
এদিনৰ ৰং,
এদিনৰ সন্মান
লেৰেলী শুকাই কোঙা কৰা অভাৱৰ
সাঁচতীয়া সপোন হৈ ৷
ঠিকনাঃ গুৱাহাটী







