তেজৰ ডোঙাৰ পৰা মই .....✍ তপন কুমাৰ নগঞা

তোৰ হাবিয়াসবোৰ
মোতকৈ ইমান নিষ্ঠুৰ
বুলি জনাহেঁতেন
চাৰিবেৰৰ মাজতেই
থাকিলোহেঁতেন
তোৰ বাবে ৰৈ

মোৰ আধুনিক মানসিকতাৰ বাবে
তোৰ তেজৰ পিৰপিৰনি বাঢ়ে বুলি জনাহেঁতেন
আধুনিক হ'বলৈ পাহৰিয়েই গ'লোহেঁতেন

কিমান পাষাণ হ'লে
তই জপিয়াই পৰিব পাৰ'
মোৰ দেহৰ ওপৰত,
খান্দিব পাৰ'
মোৰেই শোণিতৰ নাদ
নাচিব পাৰ' তেজৰ ডোঙাত

তোৰ নাই কোনো জাত
নাই বিশুদ্ধ তেজ গাত
নোবুজও তই
মানৱতাৰ আৰ্তনাদ৷