প্ৰেমৰ বৰষুণ
তুমি এজাগ বৰষুণৰ দৰে
মোৰ দেহটোহে স্পৰ্শ কৰিলা
কোনোদিন মনটো চুব চেষ্টা নকৰিলা,
মোক লাগে এখন শৰীৰবিহীন অন্তৰ ৷
যাৰ কোলাত মোৰ থৈ মই শুব পাৰো৷
তুমি আহিছিলা ধুমুহা হৈ
ৰৈ থকা প্ৰতিশ্ৰুতি নাছিল ৷
তথাপিও তোমাক দুবাহোৰে লৈছিলো আঁকোৱালি ৷
এয়াই চাগে ভালপোৱা
তোমাৰ হাতত হাত থৈ
সকলো পাহৰি গৈছিলো,
কিন্তু তুমি মোক প্ৰতাৰণা কৰিলা ৷
জীৱনটোৱেই এটা সাঁথৰ হৈ গ’ল,
হাঁহি কান্দোনৰ মাজত
ক'ত যে হেৰাই গ’ল
মোৰ জীৱনৰ ৰং বোৰ৷
ঠিকনাঃ দেৰগাওঁ
দূৰভাষঃ ৮১৩৫৯২৮০৫৯
তুমি এজাগ বৰষুণৰ দৰে
মোৰ দেহটোহে স্পৰ্শ কৰিলা
কোনোদিন মনটো চুব চেষ্টা নকৰিলা,
মোক লাগে এখন শৰীৰবিহীন অন্তৰ ৷
যাৰ কোলাত মোৰ থৈ মই শুব পাৰো৷
তুমি আহিছিলা ধুমুহা হৈ
ৰৈ থকা প্ৰতিশ্ৰুতি নাছিল ৷
তথাপিও তোমাক দুবাহোৰে লৈছিলো আঁকোৱালি ৷
এয়াই চাগে ভালপোৱা
তোমাৰ হাতত হাত থৈ
সকলো পাহৰি গৈছিলো,
কিন্তু তুমি মোক প্ৰতাৰণা কৰিলা ৷
জীৱনটোৱেই এটা সাঁথৰ হৈ গ’ল,
হাঁহি কান্দোনৰ মাজত
ক'ত যে হেৰাই গ’ল
মোৰ জীৱনৰ ৰং বোৰ৷
ঠিকনাঃ দেৰগাওঁ
দূৰভাষঃ ৮১৩৫৯২৮০৫৯







