গাৱঁলৈ ভগৱান আহিছে

মূলঃ তছলিমা নাছৰিন
অনুবাদঃ ছা-হা-বা হাৰ্টি


ৰে'ল লাইনৰ ওপৰত কোন বহি আছে? কোন তেওঁ
ভগৱান নেকি!

হে ভগৱান, দেখিছা নে ___ সিহঁতৰ নুমাই থকা চৌকা! শুকান কেৰাহী!

দুৰ্গন্ধময় বুঢ়াসকলৰ গাত মাখি পৰে
যুৱতীসকলে তিতা কাপোৰ শৰীৰতে শুকুৱাই
লাজ নাই যুৱতীবোৰৰ--- যাৰে-তাৰে লগত শুৱে! বেশ্যাৰ দৰেই!

চোৱাচোন, একেখন চালিৰ তলত কিমানজন শুৱে। শৰীৰৰ তলত চেপা খাই মৰি গৈছে সিহঁতৰ মন,,,
কি ভাবিছা কঁপাল কোঁচাই!
আঁকিছা নেকি নৰকৰ নীলা নক্সা?

হঠাৎ উঠিছে যে! তেওঁৱেই ভগৱান নেকি!
পলাইছে যে নাকত ৰুমাললৈ!