শুনিচনে …
মই ধৰ্ষিতা,
নাহিবি কাষ চাপি মোৰ
হয়তো হ'ব পাৰ তই কলুষিত
নুচুবি মোৰ চেঁকা লগা মোৰ দেহ
হয়তো হ'ব পাৰ তইও অস্পৃশ্য ।
এজাক সপোন ওমলিছিল মোৰো কোমল কলিজাত,
আজি চোন তাতো আঁচোৰ পিশাচৰ,
হলাহলে বাগৰিছে সপোনবোৰ তেজ হৈ ।
আই পিতাইৰ মুখনিত
এতিয়া কজলা ডাৱৰে ভিৰ কৰে,
ভাইটোও চোন বিষাদৰ নৈ খনতে ভাঁহি থাকে ।
অমাৱস্যাৰ কাল আন্ধাৰে আৱৰা
ধৰ্ষিতাৰ হৃদয় নোৱাৰ উজলাব তই
বিশ্বাসৰ সুত্ৰ এতিয়া নাজানো মই
সংগ্ৰামৰ পৰিভাষা অৱশ্যেই জানো মই
নালাগে মোক পুতৌ অথবা সহানুভূতি তহঁতৰ
অকলেই সাজিম সোণোৱালী পঁজাঘৰ
বিষাদৰ মালিতা জ্বলাই উজ্বলাম
ধৰ্ষিতাৰ হৃদয় ।
মই ধৰ্ষিতা,
নাহিবি কাষ চাপি মোৰ
হয়তো হ'ব পাৰ তই কলুষিত
নুচুবি মোৰ চেঁকা লগা মোৰ দেহ
হয়তো হ'ব পাৰ তইও অস্পৃশ্য ।
এজাক সপোন ওমলিছিল মোৰো কোমল কলিজাত,
আজি চোন তাতো আঁচোৰ পিশাচৰ,
হলাহলে বাগৰিছে সপোনবোৰ তেজ হৈ ।
আই পিতাইৰ মুখনিত
এতিয়া কজলা ডাৱৰে ভিৰ কৰে,
ভাইটোও চোন বিষাদৰ নৈ খনতে ভাঁহি থাকে ।
অমাৱস্যাৰ কাল আন্ধাৰে আৱৰা
ধৰ্ষিতাৰ হৃদয় নোৱাৰ উজলাব তই
বিশ্বাসৰ সুত্ৰ এতিয়া নাজানো মই
সংগ্ৰামৰ পৰিভাষা অৱশ্যেই জানো মই
নালাগে মোক পুতৌ অথবা সহানুভূতি তহঁতৰ
অকলেই সাজিম সোণোৱালী পঁজাঘৰ
বিষাদৰ মালিতা জ্বলাই উজ্বলাম
ধৰ্ষিতাৰ হৃদয় ।







