কৰ্মজড় .....✍ অদিতি দোলাকাষৰীয়া নেওগ

কঠিন হাতৰ পৰশত
হাতুৰীটোৱে সাৰ পালে,
মূলমন্ত্ৰ কৰ্মই ধৰ্ম ৷
অবিৰত প্ৰহাৰত
নৃত্যৰত শিলাখণ্ড
তাল ৰুদ্ৰ৷

লুণীয়া সুবাসত
সুৰুৰ্যমুখী ফুলে
শেঁতা চাৱনীত জিলিকে নগ্ন বাস্তৱ,
স্বাভিমানত বিলীন
স্বপ্নভংগৰ সাঁচতীয়া ৰং ৷

ঠিকনাঃ ডিব্ৰুগড়