কৃষক বন্ধু
বাৰিষা আহিল অ' ককাইদেউ
তই নাথাকিবি এনেকৈ ।
কপিলী, দিহিং, দিচাং,
ওপৰেদি পানীৰ ঢল বৈ আছে,
বাৰী খন তই বান্ধিলি নে ?
তইতো জানৰ ককাইদেউ !
যোৱা বাৰ বানে গাওঁখনত,
এটা পলয় আনিলে ।
ক'তৰ কৃষকৰ পৰিয়ালৰ শুকাবহ মৃত্যু
আৰু
সেউজীয়া পথাৰখন !
তই পাহৰি নাযাবি ককাইদেউ ।
চা চোন তই ককাইদেউ
কৃষক বন্ধুজন হাল সামৰি
ঘৰমুৱা হৈছে ।
মুখত এটি ভাগৰুৱা চিন
হ'লেও,
পথাৰখনেই কৃষকৰ বন্ধুৰ,
নহয় জানো ককাইদেউ ?
পথাৰখন সেউজীয়া কৰে কৃষক বন্ধুৱে ।
সোণালী ৰঙেৰে এদিন জিলিকি উঠে ।
আৰু দাৱনীহঁত!
কোনোবা দেশৰ এজাক যেন পৰিভ্ৰমী চৰাই হে।
ন ন ৰঙেৰে খিল খিল হাঁহিৰে যেন কথাহে পাতে
সন্ধিয়া লগে লগে ঘৰমুৱা হৈ বাঁহত সোমাই,
আৰু পুৱাতে উৰা মাৰে সোণালী ধান বুতলিবলৈ ।
কিন্তু !
ককাইদেউ,
পথাৰখন আজি শুকান হৈ আছে চোন
নাই সেই কৃষক বন্ধু জন
নাই সেই পৰিভ্ৰমী চৰাইজাক
সেউজীয়া সোণালী পথাৰখন,
আজি ক'ত গ'ল ?
চহৰৰ কোলাহলে সিহঁতক,
গ্ৰাস কৰিল নেকি অ' ককাইদেউ ?
বাৰিষা আহিল অ' ককাইদেউ
তই নাথাকিবি এনেকৈ ।
কপিলী, দিহিং, দিচাং,
ওপৰেদি পানীৰ ঢল বৈ আছে,
বাৰী খন তই বান্ধিলি নে ?
তইতো জানৰ ককাইদেউ !
যোৱা বাৰ বানে গাওঁখনত,
এটা পলয় আনিলে ।
ক'তৰ কৃষকৰ পৰিয়ালৰ শুকাবহ মৃত্যু
আৰু
সেউজীয়া পথাৰখন !
তই পাহৰি নাযাবি ককাইদেউ ।
চা চোন তই ককাইদেউ
কৃষক বন্ধুজন হাল সামৰি
ঘৰমুৱা হৈছে ।
মুখত এটি ভাগৰুৱা চিন
হ'লেও,
পথাৰখনেই কৃষকৰ বন্ধুৰ,
নহয় জানো ককাইদেউ ?
পথাৰখন সেউজীয়া কৰে কৃষক বন্ধুৱে ।
সোণালী ৰঙেৰে এদিন জিলিকি উঠে ।
আৰু দাৱনীহঁত!
কোনোবা দেশৰ এজাক যেন পৰিভ্ৰমী চৰাই হে।
ন ন ৰঙেৰে খিল খিল হাঁহিৰে যেন কথাহে পাতে
সন্ধিয়া লগে লগে ঘৰমুৱা হৈ বাঁহত সোমাই,
আৰু পুৱাতে উৰা মাৰে সোণালী ধান বুতলিবলৈ ।
কিন্তু !
ককাইদেউ,
পথাৰখন আজি শুকান হৈ আছে চোন
নাই সেই কৃষক বন্ধু জন
নাই সেই পৰিভ্ৰমী চৰাইজাক
সেউজীয়া সোণালী পথাৰখন,
আজি ক'ত গ'ল ?
চহৰৰ কোলাহলে সিহঁতক,
গ্ৰাস কৰিল নেকি অ' ককাইদেউ ?







