কবিতা এটি লিখিম বুলি
এয়া সন্মুখত
কলম কাগজ লৈ বহিছো৷
কিন্তু কি লিখিম...
শব্দবোৰ চোন নোলায়..
কিবা এটা যেন হৈছে
শব্দ বোৰ যেন
হেৰাই গৈছে
মন মগজুৰ পৰা৷
কি কৰিম বাৰু?
কিনো লিখিম
কিয় আজি মোক
শব্দ বোৰে প্রতাৰণা কৰিছে ?
প্রতাৰণাৰ বিষবাষ্প চাগে
সকলোতে পৰিছে৷
যেনেদৰে এচাম দালালে
দেশ আৰু সমাজত
বিয়পাইছে প্রতাৰণাৰ
বিষবাষ্প৷
চলাইছে ভণ্ডামী
সকলোৰে অগোচৰে৷
লুণ্ঠন, হত্যা, ধৰ্ষণৰ দৰে
অপৰাধ বোৰ যেন
নগণ্য সিহঁতৰ মনত৷
পুঁজিপতি দালালৰ
প্রৰোচনাত পৰি
বিক্রি হৈছে আজি
মানৱীয় মূল্যবোধ৷
অক্ষমনীয় অপৰাধ কৰিও
ঘূৰি ফুৰিছে মুক্ত মনে জনসমাজত
এচামে গোপনে
সুৰক্ষা দি আছে অপৰাধী বোৰক
আপোন স্বাৰ্থত৷
এচামে মুখাৰ আঁৰত থাকিয়ে
চলাইছে নাৰী দেহৰ দৰে জঘণ্য ব্যৱসায়...৷
কি কৰিম ...
প্রতিবাদ কৰিলেও যেন
ফুটুকাৰ ফেন সকলো৷
আজি আৰু মোৰ
কবিতা লিখা নহ'ব
শব্দহীনতাত ভুগিছো আজি মই৷
এয়া সন্মুখত
কলম কাগজ লৈ বহিছো৷
কিন্তু কি লিখিম...
শব্দবোৰ চোন নোলায়..
কিবা এটা যেন হৈছে
শব্দ বোৰ যেন
হেৰাই গৈছে
মন মগজুৰ পৰা৷
কি কৰিম বাৰু?
কিনো লিখিম
কিয় আজি মোক
শব্দ বোৰে প্রতাৰণা কৰিছে ?
প্রতাৰণাৰ বিষবাষ্প চাগে
সকলোতে পৰিছে৷
যেনেদৰে এচাম দালালে
দেশ আৰু সমাজত
বিয়পাইছে প্রতাৰণাৰ
বিষবাষ্প৷
চলাইছে ভণ্ডামী
সকলোৰে অগোচৰে৷
লুণ্ঠন, হত্যা, ধৰ্ষণৰ দৰে
অপৰাধ বোৰ যেন
নগণ্য সিহঁতৰ মনত৷
পুঁজিপতি দালালৰ
প্রৰোচনাত পৰি
বিক্রি হৈছে আজি
মানৱীয় মূল্যবোধ৷
অক্ষমনীয় অপৰাধ কৰিও
ঘূৰি ফুৰিছে মুক্ত মনে জনসমাজত
এচামে গোপনে
সুৰক্ষা দি আছে অপৰাধী বোৰক
আপোন স্বাৰ্থত৷
এচামে মুখাৰ আঁৰত থাকিয়ে
চলাইছে নাৰী দেহৰ দৰে জঘণ্য ব্যৱসায়...৷
কি কৰিম ...
প্রতিবাদ কৰিলেও যেন
ফুটুকাৰ ফেন সকলো৷
আজি আৰু মোৰ
কবিতা লিখা নহ'ব
শব্দহীনতাত ভুগিছো আজি মই৷







