অপেক্ষা .....✍ ৰিম্পী গগৈ

এটা নিজম নিশা --
মৰমৰ যুদ্ধত আঘাত পাই
মোৰ হৃদয়ৰ দুৱাৰ দলিত
টোকৰ মাৰিছিলা ৷
মই খুলি দিছিলো মোৰ হৃদয়ৰ দুৱাৰ
নিঃশব্দে তুমি ভিতৰলৈ সোমাই
মোৰ হৃদয়ৰ প্ৰতিটো কোণ
স্পৰ্শ কৰিছিলা গোপনে ৷
কিছুদিন সকলোৰে অজ্ঞাতে
মোৰ হৃদয়ত আত্মগোপন কৰিছিলা ৷

তাৰ পাছত, সময় বৰ নিষ্ঠুৰ ---
সকলোৱে গম পালে
তোমাৰ আত্মগোপনৰ কথা ৷
এতিয়া তুমি উভটি গ’লা,
তোমাৰ পূৰ্বৰ আশ্ৰয়দাত্ৰীৰ হৃদয়লৈ ৷
অন্ততঃ এবাৰ,
তুমি মোক বিদায় মাগিব নোৱাৰিলা ৷
ইমান মনে মনে তুমি গুচি গ’লা,
কিয় বাৰু ?
মোক উৰুখা পঁজাত অকলে এৰি ৷

বহু আপেক্ষাৰে ৰৈ আছো মই ---
জানোচা কেতিয়াবা
তুমি পুনৰ আঘাত পালে
মোৰ ওচৰলৈ উভটি আহাই ৷
এতিয়া তোমাৰ বাবে কেৱল মোৰ
অন্তহীন অপেক্ষা.......

ঠিকনাঃ নকছাৰি, যোৰহাট ৷