কনমইনা .....✍ আদিত্য গগৈ

কনমইনা....
মাকৰ বাবে সি মৰমৰ পোনা
পুষ্টিহীনতা যাৰ জন্মজাত,
সিয়ে হ’ল ফুটপাথৰ বাসিন্দা, কনমইনা....
বুভুক্ষাত যাৰ চালচটা হাড়ৰ আৱৰণ ৷
কংকালহাড়....
অন্ত নোহোৱা এখন বৰযুঁজ ৷

সিয়ে কনমইনা....
মাকৰ বাবে মৰমৰ পোনা
দীঘল নখ, ৰঙচোৱা শুকান চুলি ৷
তেল যাৰ বাবে আজিও অচিনাকি,
সিয়ে কনমইনা, ফুটপাথৰ....
চকুকেইটা যাৰ কাউৰী শগুনৰ দৰে তীক্ষ্ণ !
নহ’বই বা কিয় ?
নহ’লে কুকুৰে যে টানি নিয়ে,
পলকটে আনে নষ্ট কৰা কেক, ৰুটী;
আনৰ এৰেহা খোৱাটো কনমইনাৰ চখ নহয়, স্বভাৱ ৷ ঈশ্বৰৰ অভিশাপত নস্যাৎ আধুনিকতা
পদপথত জীৱন্ত কনমইনা....
উৱলা চোলা
সিহঁতৰ ভাগ্যও ভাগৰুৱা ৷

কনমইনাৰো সিৰা,
ধমনীত তেজ সঞ্চাৰিত হয় ৷
কনমইনাৰো হাঁহিবলৈ মন যায়,
কনমইনাৰো তোমাৰ দৰে
জকমকীয়া চোলা পিন্ধিবলৈ মন যায়,
সিহঁতৰ মাক যে অসহায় নিৰূপাই ৷
ক’ত পাই তেওঁ ৰংবিৰং বস্ত্ৰ ?
একদম ঠিক "বস্তাৰ বস্ত্ৰ"
মন গ’লেই কম্বল সজাই লোৱা,
মন গ’লেই বিচনা কৰি শুৱা ৷

অথচ এই উৱলা কলিজাতো
আশাই শিপা মেলে,
এই উৱলা বস্ত্ৰৰেইটো
সিঁহতে টানি তুনি লাজ ধাকে....
আমি আধুনিক মানুহ
কিয় ভাবি ভাবি নষ্ট কৰো সময় !!

ঠিকনাঃ নকছাৰি , যোৰহাট