সোঁৱৰণিয়ে গোন্ধোৱা আলিবাটটোৰে
আজি সপোন আহিছে
কুহুমীয়া আবেলিয়ে হেঁপাহৰ দীঘ-বাণিৰে
আশাৰ দলিচা সাজিছে
বিচাৰি ফুৰাৰ কথা নাছিল তথাপিও
দুচকুৰ আশ্বাসতে বিচাৰি
ঢপলিয়াইছে সপোন কোঁৱৰক.....
সিদিনা মোৰ খোজৰ লগে লগে ছায়া নামিছিল,
সোঁৱৰণি আলিবাটটিৰে
মোৰ সাহস মোৰ ওচৰ চাপিছিল
কুহুমীয়া আবেলিটোতে
আশ্বাসৰ দুচকুৱে মোৰ সত্ত্বাক অধিকাৰ কৰিছিল
না কথা হৈছিল
না দুহাত দুহাতত লৈছিল
মাথো উন্মীলনৰ মুহূৰ্তই সাঁকো হৈ
মোৰ সমস্ত সপোনক নিজৰ বুলি স্বীকৃতি দিছিল...
সপোন দুচকুৰ সিদিনা মই হ'ম কনেং
আঁৰ হৈ যাৰ হাঁহি চকুলো দুহাত পাতি ল'ম...
নিৰাপত্তা যাৰ দুচকুত পাম,
যাৰ বিশ্বাসেৰে মোৰ সেওঁতা বুলাম...
আজি সপোন আহিছে
কুহুমীয়া আবেলিয়ে হেঁপাহৰ দীঘ-বাণিৰে
আশাৰ দলিচা সাজিছে
বিচাৰি ফুৰাৰ কথা নাছিল তথাপিও
দুচকুৰ আশ্বাসতে বিচাৰি
ঢপলিয়াইছে সপোন কোঁৱৰক.....
সিদিনা মোৰ খোজৰ লগে লগে ছায়া নামিছিল,
সোঁৱৰণি আলিবাটটিৰে
মোৰ সাহস মোৰ ওচৰ চাপিছিল
কুহুমীয়া আবেলিটোতে
আশ্বাসৰ দুচকুৱে মোৰ সত্ত্বাক অধিকাৰ কৰিছিল
না কথা হৈছিল
না দুহাত দুহাতত লৈছিল
মাথো উন্মীলনৰ মুহূৰ্তই সাঁকো হৈ
মোৰ সমস্ত সপোনক নিজৰ বুলি স্বীকৃতি দিছিল...
সপোন দুচকুৰ সিদিনা মই হ'ম কনেং
আঁৰ হৈ যাৰ হাঁহি চকুলো দুহাত পাতি ল'ম...
নিৰাপত্তা যাৰ দুচকুত পাম,
যাৰ বিশ্বাসেৰে মোৰ সেওঁতা বুলাম...







