শিপা হেৰুৱাৰ যাতনা .....✍ কৌশিক ৰঞ্জন বৰা

মা-দেউতা তোমালোকে যে কৈছিলা
আঘোনৰ পথাৰৰ লেছেৰিৰ বোটলাৰ কথা
শুনি শুনি যে ব'ৰ হৈ গৈছিলো
মোৰো মন গৈছিল জানা
শৈশৱটো উপভোগ কৰিব
কিন্তু হ'মৱৰ্কৰ বোজাটোৱে
পিঠিত ধৰি টানিছিল অ'।

দেউতা তুমি যে কৈছিলা
আইতাৰ মুখৰ সাধু শুনাৰ কথা
মোৰো মন গৈছিল জানা
কিন্তু চিনচান, ন'ভিতা বা চোটাভীমে যে
টানি লৈ গৈছিল তেজীমলা অথবা
চিলনী জীৰ কাষৰ পৰা।

মা তুমি যে কৈছিলা
শৈশৱত তুমি খেলা
দৰা কইনাৰ  খেলৰ কথা।
মোৰো খেলিবলৈ মন গৈছিল
কিন্তু লেপটপৰ গেমবোৰে
যে মোলৈ বাট চাই আছিল l
 ...............................
............................

 মা ,এইদৰেই  মই
হেৰুৱাই ছিলো নেকি
বোপাককাই দি যোৱা শিপাৰ আত ।
এতিয়া মোৰ বৰ মন গৈছে
খুচৰিবলৈ শৈশৱতে হেৰাই যোৱা শিপা ডাল।
[5/2, 4:33 PM] Dimpl: