প্ৰেমৰ প্ৰস্তাৱ .....✍ কাব্য কছাৰী

ওঁঠত হাঁহি লৈ থকা ছোৱালীজনী
বৰকৈ সুধিবলে মন গৈছে
তোমাৰ চকুত চকু থৈ
অাছেনে তোমাৰ হৃদয়ৰ প্ৰেমিক?

চিমেন চাপৰি কলেজৰ ৰঙিন পখীলাজনী
নাম জানো নহয় তোমাৰ বৰ্ণালী সন্দিকৈ?

বৰ্ণালী, মোৰ কথা এবাৰ শুনি যোৱা
অাছে মোৰ এখনি নানা ৰঙী ফুলৰ বাগিচা
অনুৰোধ এবাৰলে তুমি ইয়ালৈ অাহিবা,
প্ৰথম দেখা তোমাৰ কাজলসনা দুচকুৱে
সদায়ে মোৰ চোতালত বিনা অনুমতিত ওমলে।

মাথো নিজেই বৰ্ণিল হৈ থাকিবানে বৰ্ণালী
অানকো বৰ্ণিল কৰি ৰাখিবলে নোৱাৰানে?
এবাৰ যদি চকু মেলি চোৱা
ফাগুণৰ লঠঙা ডালবোৰত
ন-কুঁহিপাত ওলাব,
চিপচিপকৈ বৰষুণ পৰিব,
এনেকৈয়ে বসন্ত অাহিব
কুলিয়ে মন পৰশাকৈ বিনাব
ঢোল-পেঁপাৰ মাতে ৰজনজনাই উঠিব।

মোৰ এটাই ধনী মন
কাৰোবাক সপি দিম বুলি থৈছো সাঁচি
তুমি কেতিয়াও নাভাবিবা
এই প্ৰেমৰ অাবেদন তোমাক ভোগ কৰিবলৈ
প্ৰেম স্বৰ্গীয় অনুভূতি
তোমাৰ সুখে- দুখে প্ৰতিদিনে থাকিম।

চিমেন চাপৰি কলেজৰ ৰঙিন পখিলাজনী
এবাৰ ভাবি চাবা মোৰ কথাটি।

দূৰভাষঃ ৮০১১৯৩৪৫৫৪