তুমিয়েই প্ৰেমিকা নেকি আজি এই সন্ধিখ্যনত .....✍ ৰুনু শৰ্মা

তুমিতো নোহোৱা মোৰ জীৱন সাৰথি 
অনিশ্চিত জীৱন কুৰুখেত্ৰত,
মোৰ যুদ্ধৰ সাৰথি।
তুমিতো নোহোৱা মোৰ
প্ৰেমৰ দেৱতা
গোলাপৰ সুগন্ধি বিলোৱা
মোৰ প্ৰেমৰ কবি ।
তুমিতো নোহোৱা মোৰ শুকুলা আকাশত 
শেৱালি ফুলাৰ বতৰত
নিশাটিক নোকোৱাকৈ
সপোনৰ ঘৰ সজা চাহজাহান,
দুবাহুত মেৰিয়াই স্মৃতিৰ কবৰ,
ওৰেটো জীৱন বুৰ গৈ থাকিম
তোমাৰ ছত্ৰছায়াত
কুসুম কোমল শুকুলা হৃদয়খনিত।