আশা .....✍ হিমাশ্ৰী লহকৰ

দেই পুৰি নিয়া
কোনোবা এটা দুপৰীয়া আহিছিল তাই
কোলাত কেঁচুৱা।

অকমাণিটোৱে বৰকৈ কান্দিছিল।
তাই কৈছিল দুখীয়াই সপোন দেখিব নাপায়,
পুহৰ জাৰত ঠেৰেঙা লাগি
সপোনবোৰো হেনো
গোট মাৰি বিষলৈ পৰিৱৰ্তন হয়।

তাইৰ গোটেই মুখখনে তিতি আছিল,
মই ধৰিব নোৱাৰিলো
সেয়া ঘাম আছিল নে চকুপানী।
কেঁচুৱাটোক ভালকৈ চালো,
মই ধৰিব নোৱাৰিলো বগা হ'বনে মাগুৰ বৰণীয়া
ফাটি যোৱা অকমাণি চোলাটোৰে
তাৰ পেটটো বগাই আছিল
কিন্তু হাত ভৰিবোৰ!!!

তাইক খাবলৈ কোৱাত কৈছিল
"নালাগে দিয়ক...
কালিও এইখিনি সময়ত
বৰ তৃপ্তিৰে খাইছিলো এসাজ,
আজি খালে কালিলৈও ভোক লাগিব নহয়"।
মই তাইক কেঁচুৱাটোৰ কাৰণেই খাব কৈছিলো..
তাই কৈছিল, "ইয়াকো এনেকৈয়ে শিকাইছো...
কালিৰ খোৱাখিনিৰ গাখীৰে আটিব তাক"।

কেঁচুৱাটো দেখি মোৰো দুচকু ভৰিছিল,
সি কিন্তু বৰ আৰামতেই শোৱা যেন লাগিছিল মোৰ,
টোপনিতে হঁহা দেখিলো তাক
মাকে ক'লে, "সি ভাল হ'ব বাইদেউ,
এতিয়াৰ পৰায়ে বুজে মোক"

অহা বাটেৰেই গুচি গৈছিল তাই...
ক'ব নোৱাৰাকৈয়ে দুহাত যোৰ কৰি ভাবিলো,
"সেইকাৰণেই কিজানি তুমি ভগৱান,
জীয়াই থকাৰ বাহানা এটা দিয়েই দিয়া সকলোকে"।