নিউক্লিয়াছ ......✍ দীপজ্যোতি সিং

প্রহৰৰ বাটে বাটে
ধূসৰিত দৃষ্টিৰ,
প্লাবিত বৃষ্টি
আৰু প্ৰত্যাহ্বানৰ সৃষ্টিত
বিষাক্ত কৃষ্টিৰ বিনাশ ।

আজানৰ প্ৰথম সুৰ
ভংগুৰ টোপনিত
মৃতপ্রায় আত্মাৰ কোলাহল,
মৃত্যুঞ্জয়ী কোষবোৰত
বৃদ্ধি পাইছে মাইট'কন্দ্ৰিয়াৰ শক্তি ।

হয়তো এয়া নিদ্ৰাহীনতাৰ প্ৰভাৱ
অথবা মৃত্যুৰ প্ৰথম প্রহৰ ।

অৱশ্যে মনুষ্যৰ শৰীৰ
মই তাহানিতে ত্যাগ কৰিছিলো,
তথাপিও সক্ৰিয় হৈ উঠিছে
অনুতাপৰ জ্বালামুখী ।

ঠিকনাঃ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়
দূৰভাষঃ ৭০০২৩৯২৫৯৪