চাহ বাগিচাৰ তিৰোতাবোৰ ......✍ ধ্ৰুৱজ্যোতি শইকীয়া

কলঘৰৰ উকিত টোপনিবোৰ বন্ধকীত থৈ
ফুলপানী ছিগাতে চাহ বাগিচাৰ তিৰোতাবোৰে
ভিৰ কৰে দমকলৰ পাৰত
কেঁচা খৰিৰ জুই ফুৱাই ফুৱাই
গুচাব খোজে আগ নিশাৰ ভোক

পেটত জুই ফুল ফুলিলেও
চাহ বাগিচাৰ তিৰোতাবোৰে হাঁহিব জানে
শণিবৰীয়া হাটত পষেকীয়া ঘামৰ বিনিময়ত
বাগিচাৰ তিৰোতাবোৰে ক্ৰয় কৰে কিছু হাঁহি
আৰু কঁপালৰ আলিবাটতো পোহৰাবলৈ
সেন্দূৰৰ টেমা

আপুনি যদি ডুব যাব খোজে
এমোকোৰা হাঁহিৰ মাজত
আপুনি যদি বিচাৰি ফুৰিছে সৰলতাৰ সংজ্ঞা
আপুনি যদি মৰম বিচাৰি হাবাথুৰি খাইছে
তেন্তে আপুনি চাহ বাগিচালৈ আহক
চাই যাওকহি পেটত ভোক লৈ ফুলা হাঁহিচম্পা

চাহ বাগিচাৰ তিৰোতাবোৰে নিশিকিলে কোনোদিনে
নাৰীবাদৰ সংজ্ঞা, প্ৰতিবাদৰ ভাষা
এবাটি লুণীয়া লাল চাহৰ ৰাগিত
বাগিচাৰ তিৰোতাবোৰে
পাহৰি যায় পেটৰ জুইকুৰা,
দুখ-কষ্ট, ৰ'দ কিম্বা বৰষুণ

আৰু সেইবাবেই
সেইবাবেইটো
আপুনি অৱসাদ দূৰ কৰিবলৈ
পুৱাই খাবলৈ পায় একাপ
ধোঁৱাই থকা লাল চাহ৷

ঠিকনাঃ তিনিচুকীয়া