সূৰ্য্য পুত্ৰ কৰ্ণ নহ'লেও মই
আজি যে সেই নামেৰে পৰিচিত
তোমাৰ অকনমানি ভুলৰ বাবে
সমাজত আজি মই লাঞ্ছিত
সকলোৱে কয় মহাভাৰতৰ কৰ্ণ ৷
জন্ম দাতি জননী মোৰ
তুমি যে আজি অপৰিচিত
পৃথিৱীৰ পোহৰ দেখাই
গ'লা গৈ আঁতৰি চিৰদিনলৈ
তোমাৰ অবিহনে শিকিছো
জীয়াই থাকিবলৈ ৷
সমাজত চাগে আজি মোৰ দৰে একে দশা
সকলোৱে তোমালৈ আঙুলি টোঁৱাই কয় চাগে,
সৌৱা চোৱা! সেই জনী বেশ্যা আহিছে ?
তোমাৰ ভুলৰ বাবেই টো.....
তুমি এই উপাধি পালা
তেতিয়া জানো মোলৈ মনত পৰি
এবাৰো বুকু খন কঁপি উঠা নাই নে আই ৷
প্ৰতি পলে পলে মনত পৰে তোমালৈ
তোমাৰ হাতৰ পৰশ পাবলৈ
ক'ৰবাত কেতিয়াবা চকুৰ সন্মুখেদি পাৰ হ'লে
তুমি মই চাগে অপৰিচিত হৈ ৰ'ম
জন্ম দাতি জননী মোৰ ৷
জীৱনত জীয়াই আছো
তোমাক এবাৰ চাবলৈ
পৃথিৱীৰ ধুনীয়া মিঠা শব্দটোৱে
এষাৰ অ' মা বুলি মাতিবলৈ
জন্ম দাতি জননী মোৰ
তোমাৰ বাবেইতো অপেক্ষাৰত
আধুনিক যুগৰ এই কৰ্ণ ৷
আজি যে সেই নামেৰে পৰিচিত
তোমাৰ অকনমানি ভুলৰ বাবে
সমাজত আজি মই লাঞ্ছিত
সকলোৱে কয় মহাভাৰতৰ কৰ্ণ ৷
জন্ম দাতি জননী মোৰ
তুমি যে আজি অপৰিচিত
পৃথিৱীৰ পোহৰ দেখাই
গ'লা গৈ আঁতৰি চিৰদিনলৈ
তোমাৰ অবিহনে শিকিছো
জীয়াই থাকিবলৈ ৷
সমাজত চাগে আজি মোৰ দৰে একে দশা
সকলোৱে তোমালৈ আঙুলি টোঁৱাই কয় চাগে,
সৌৱা চোৱা! সেই জনী বেশ্যা আহিছে ?
তোমাৰ ভুলৰ বাবেই টো.....
তুমি এই উপাধি পালা
তেতিয়া জানো মোলৈ মনত পৰি
এবাৰো বুকু খন কঁপি উঠা নাই নে আই ৷
প্ৰতি পলে পলে মনত পৰে তোমালৈ
তোমাৰ হাতৰ পৰশ পাবলৈ
ক'ৰবাত কেতিয়াবা চকুৰ সন্মুখেদি পাৰ হ'লে
তুমি মই চাগে অপৰিচিত হৈ ৰ'ম
জন্ম দাতি জননী মোৰ ৷
জীৱনত জীয়াই আছো
তোমাক এবাৰ চাবলৈ
পৃথিৱীৰ ধুনীয়া মিঠা শব্দটোৱে
এষাৰ অ' মা বুলি মাতিবলৈ
জন্ম দাতি জননী মোৰ
তোমাৰ বাবেইতো অপেক্ষাৰত
আধুনিক যুগৰ এই কৰ্ণ ৷







