অব্যক্তবোৰ ব্যক্ত কৰিব পৰা হ'লে--
সত্যক সহজে বুজিব পাৰিলো হয় ।
অব্যক্তবোৰ সঁচাকৈ ব্যক্ত কৰিব পৰা হয়--
লঠঙা গছৰ সৰা পাতৰ হাঁহি মাৰিব পাৰিলো হয়
অব্যক্তবোৰ ব্যক্ত কৰাৰ কৌশল জনা হয়
চন্দ্ৰমাৰ দ'ৰে গান জুৰিবও শিকিলো হয়।
"কিন্তু" এই অব্যক্তক ব্যক্ত কৰাৰ অব্যক্তক
আমাক ব্যক্ত কৰিব কোনে?
জোনাক তজবজীয়া
মৌনতা আঁকোৰগোঁজ
আন্ধাৰৰো থাকে এটা নিজস্ব পোহৰৰ ৰূপ৷
প্ৰকৃতিৰ ইংগিতে কঠিন অব্যক্তক
ব্যক্ত কৰি বোৱাই অব্যক্তৰ এলানি সোঁত,
কলংক সনা জোনবাইৰ কঁপালত
এতিয়াও ক'লা দাগ অব্যক্তৰে
প্ৰতিনিধীত্বৰ গুণ৷
সত্যক সহজে বুজিব পাৰিলো হয় ।
অব্যক্তবোৰ সঁচাকৈ ব্যক্ত কৰিব পৰা হয়--
লঠঙা গছৰ সৰা পাতৰ হাঁহি মাৰিব পাৰিলো হয়
অব্যক্তবোৰ ব্যক্ত কৰাৰ কৌশল জনা হয়
চন্দ্ৰমাৰ দ'ৰে গান জুৰিবও শিকিলো হয়।
"কিন্তু" এই অব্যক্তক ব্যক্ত কৰাৰ অব্যক্তক
আমাক ব্যক্ত কৰিব কোনে?
জোনাক তজবজীয়া
মৌনতা আঁকোৰগোঁজ
আন্ধাৰৰো থাকে এটা নিজস্ব পোহৰৰ ৰূপ৷
প্ৰকৃতিৰ ইংগিতে কঠিন অব্যক্তক
ব্যক্ত কৰি বোৱাই অব্যক্তৰ এলানি সোঁত,
কলংক সনা জোনবাইৰ কঁপালত
এতিয়াও ক'লা দাগ অব্যক্তৰে
প্ৰতিনিধীত্বৰ গুণ৷







