ব'হাগ ......✍ হিমাদ্ৰী গোহাঁই

কাৰ বাবে উন্মনা এই মন
কাৰ বাবে ইমান উত্তাল ?
বাজিছে নেকি হৃদয়ত এটি গীত
বিচাৰি পাইছে নেকি হেৰুৱা সুৰ ?

খিল খিলাই হাঁহিটি
অকাৰণে ফুটি উঠে
ওঁঠত এটি গীতৰ কলি
গুণ গুণ কৈ বৈ থাকে
ব'হাগ তই আহিলে
তাইৰ গাভৰু দেহে নাচি উঠে ।

ব'হাগে বলিয়া কৰা
পাৰ ভঙা চঞ্চলতা,,

তই আহিলে
নাহৰ, তগৰ, কপৌ ফুলে
সপোনতে ওমলে
তাঁত শালৰ গামোচাত
কিমান যে সপোন ৰঁচে,
আকাশে বতাহে ব'হাগ ব'হাগ গোন্ধ
ৰাংঢালী গাভৰুজনী ব'হাগলৈ
ইমান যে মোহ ।