মোক এবাৰ আলিংগন কৰা তুমি,
মই জুখি চাব বিচাৰো তোমাৰ বুকুৰ উষ্ণতা,
হৃদয়ৰ স্পন্দন...
পাৰিবা জানো গ'লাবলৈ...
মোৰ হিয়াৰ তুষাৰাবৃত
কঠিন পাহাৰ...
মোৰ চকুলৈ চোৱা এবাৰ তুমি,
মই চাব বিচাৰো
চকুত চকু থৈ
কিমান মিছা মাতিব পাৰা তুমি,
জুখি চাব বিচাৰো কিমান গভীৰ
তোমাৰ চকুৰ জিল...
তুমি নাচালেও মই তোমাক চাম
ওপৰৰ পৰা তললৈ,
তলৰ পৰা ওপৰলৈ,
কামুক দৃষ্টিৰে...
টলটলিয়া চকুৰে।
মোৰ মৰমৰ পোছাক জোৰ এনেকৈ পিন্ধিবা তুমি
যাতে কোনেও জুখিচাব নোৱাৰে
তোমাৰ বুকুৰ উচ্চতা,
ককালৰ সাঁচ,
নিতম্বৰ নিপটোল ভাস্কৰ্য্য,
কলাফুলৰ সৌন্দৰ্য্য...
মোৰ কাষলৈ আহা এবাৰ তুমি,
মই চাব বিচাৰো তোমাৰ৷হস্তিনী খোজ
অনুভৱ কৰিব বিচাৰো
তোমাৰ প্ৰতিটো খোজৰ মৃদু শব্দ,
খোজৰ লাস্যতা...
তুমি নামাতিলেও
মই চিঞৰি মাতিম তোমাক
যেতিয়ালৈ উভতি নোচোৱা তুমি...
তুমি নাপালেও মই ভাল পাম তোমাক
নিজতকৈও অধিক।
এবাৰ চোৱা মোলৈ তুমি...
দেখিবা মোক তোমাৰ হিয়াৰ
প্ৰতিটো আলি কেঁকুৰিত
যদি কেতিয়াবা মোলৈ মনত পৰে...
আহিবা মোৰ হিয়াৰ উৰুখা পঁজালৈ,
বসন্তৰ প্ৰতিশ্ৰুতি হৈ।
মোক এবাৰ আলিংগন কৰা তুমি,
মই হৈ ৰ'ম প্ৰেমৰ দেৱতা
তোমাৰ চিৰকালৰ সংগী...।
মই জুখি চাব বিচাৰো তোমাৰ বুকুৰ উষ্ণতা,
হৃদয়ৰ স্পন্দন...
পাৰিবা জানো গ'লাবলৈ...
মোৰ হিয়াৰ তুষাৰাবৃত
কঠিন পাহাৰ...
মোৰ চকুলৈ চোৱা এবাৰ তুমি,
মই চাব বিচাৰো
চকুত চকু থৈ
কিমান মিছা মাতিব পাৰা তুমি,
জুখি চাব বিচাৰো কিমান গভীৰ
তোমাৰ চকুৰ জিল...
তুমি নাচালেও মই তোমাক চাম
ওপৰৰ পৰা তললৈ,
তলৰ পৰা ওপৰলৈ,
কামুক দৃষ্টিৰে...
টলটলিয়া চকুৰে।
মোৰ মৰমৰ পোছাক জোৰ এনেকৈ পিন্ধিবা তুমি
যাতে কোনেও জুখিচাব নোৱাৰে
তোমাৰ বুকুৰ উচ্চতা,
ককালৰ সাঁচ,
নিতম্বৰ নিপটোল ভাস্কৰ্য্য,
কলাফুলৰ সৌন্দৰ্য্য...
মোৰ কাষলৈ আহা এবাৰ তুমি,
মই চাব বিচাৰো তোমাৰ৷হস্তিনী খোজ
অনুভৱ কৰিব বিচাৰো
তোমাৰ প্ৰতিটো খোজৰ মৃদু শব্দ,
খোজৰ লাস্যতা...
তুমি নামাতিলেও
মই চিঞৰি মাতিম তোমাক
যেতিয়ালৈ উভতি নোচোৱা তুমি...
তুমি নাপালেও মই ভাল পাম তোমাক
নিজতকৈও অধিক।
এবাৰ চোৱা মোলৈ তুমি...
দেখিবা মোক তোমাৰ হিয়াৰ
প্ৰতিটো আলি কেঁকুৰিত
যদি কেতিয়াবা মোলৈ মনত পৰে...
আহিবা মোৰ হিয়াৰ উৰুখা পঁজালৈ,
বসন্তৰ প্ৰতিশ্ৰুতি হৈ।
মোক এবাৰ আলিংগন কৰা তুমি,
মই হৈ ৰ'ম প্ৰেমৰ দেৱতা
তোমাৰ চিৰকালৰ সংগী...।







