যুদ্ধ .....✍ অৰ্চনা জি. শইকীয়া

মৃত্যুক খেদি ক্লান্ত পথিক মই নহওঁ,
মৃত্যুৱে মোক খেদে..

ভাতৰ পাতত মজিয়াৰে নিগৰে
মৃত্যুৰ মদিৰা..
দেখি মই পি থওঁ ।

চিগাৰেটৰ ধোঁৱাৰ স'তে
দ্বৈত কুণ্ডলি পাতি
মৃত্যুৱে মোৰ সৈ'তে যুঁজ দিয়ে‌।

আইৰ পিৰালিত শেলুৱৈ গজিল;
পিছল পথেৰে ৰাতি -ৰাতি
মৃত্যুৱে মোক চোচৰাই নিব খোজে,
মোৰ শিতানত থকা সপোনৰ পাকঘূৰণীত
মৃত্যু উফৰি পৰে।

ক্লান্ত পথিক মই কাহানিও নহওঁ..
মৃত্যু জিনি মই অমৰ হ'ব খোজো।

ঠিকনাঃ দেৰগাওঁ, গোলাঘাট