ৰঙিন হোৱাৰ লালসাৰে আজি
শূন্যৰ অৰ্থ বিচাৰি
খিৰিকীৰ পৰ্দা গুচাই
বাৰে বাৰে জুমি চালো
মোৰ খিৰিকীৰে দেখা পাহাৰ খনলৈ...।
চকু গৈছিল সৌ
পাইন গছজোপালৈও,
শীতে কোবোৱা নাই তাক,
ফাগুনো নমা নাই কেতিয়াও
এই পাহাৰত...,
সৰা নাই পাত গছবোৰৰ...।
এই পাহাৰত কেতিয়াবা
হেৰাই যায় আৱেগৰ ঠিকনা,
স্তব্ধ হৈ ৰয় নৈৰ সোঁত...।
শূন্য ভেদি আলোকে মুখৰিত কৰে মোৰ খিৰিকী...।
চাৰিওদিশ ৰজনজনাই বাজে মাদল...।
মুহূৰ্ততে শব্দৰ লানি নিচিগা ঢৌ
নিগৰে মোৰ কলমেৰে...,
সময়ৰ আওপকীয়া ভাষাবোৰে
বেমেজালি লগাই মনত...,
অনুবাদ কৰিব বহু চেষ্টা কৰোঁ,
কিন্তু নুবুজো সময়ৰ মেৰপাক...।
নুবুজো শূন্যৰ গভীৰতা...
নুশুনো স্তব্ধ হৃদয়ৰ ধপধপনি,
মাথোঁ অনুভৱ কৰিব পাৰো
শূন্যৰ বিশালতা...
শূন্যৰ প্ৰয়োজনীয়তা...।
ঠিকনাঃ টিহু মহাবিদ্যালয়
ৰাজনীতি বিজ্ঞান বিভাগ
টিহু, নলবাৰী
শূন্যৰ অৰ্থ বিচাৰি
খিৰিকীৰ পৰ্দা গুচাই
বাৰে বাৰে জুমি চালো
মোৰ খিৰিকীৰে দেখা পাহাৰ খনলৈ...।
চকু গৈছিল সৌ
পাইন গছজোপালৈও,
শীতে কোবোৱা নাই তাক,
ফাগুনো নমা নাই কেতিয়াও
এই পাহাৰত...,
সৰা নাই পাত গছবোৰৰ...।
এই পাহাৰত কেতিয়াবা
হেৰাই যায় আৱেগৰ ঠিকনা,
স্তব্ধ হৈ ৰয় নৈৰ সোঁত...।
শূন্য ভেদি আলোকে মুখৰিত কৰে মোৰ খিৰিকী...।
চাৰিওদিশ ৰজনজনাই বাজে মাদল...।
মুহূৰ্ততে শব্দৰ লানি নিচিগা ঢৌ
নিগৰে মোৰ কলমেৰে...,
সময়ৰ আওপকীয়া ভাষাবোৰে
বেমেজালি লগাই মনত...,
অনুবাদ কৰিব বহু চেষ্টা কৰোঁ,
কিন্তু নুবুজো সময়ৰ মেৰপাক...।
নুবুজো শূন্যৰ গভীৰতা...
নুশুনো স্তব্ধ হৃদয়ৰ ধপধপনি,
মাথোঁ অনুভৱ কৰিব পাৰো
শূন্যৰ বিশালতা...
শূন্যৰ প্ৰয়োজনীয়তা...।
ঠিকনাঃ টিহু মহাবিদ্যালয়
ৰাজনীতি বিজ্ঞান বিভাগ
টিহু, নলবাৰী







