পুৱাতে দেখো সেউজীয়া পথাৰ খন
পৰিপূৰ্ণ থকা সেউজীয়া ধাননি দৰা
সৰি পৰা চুলিৰ আকৰ
টোপ টোপকৈ নিয়ৰৰ টোপাল,
ৰক্ত জবা সূৰ্য্যৰ ৰশ্মিত
উঠে তিৰবিৰাই
মুক্ত আকাশৰ তলত
পিতাই সোণোৱালী সপোন
লখিমীক আদৰি অনা
আশাৰ নাই সীমা,
হেঁপাহবোৰো মনত হুৱাদুৱা
আইৰ উমাল স্নেহ সনা হাতৰ পৰশ পাই
লহপহকৈ ৰাংঢালী ৰূপহী সাজত সাজিছে
গালে মুখে পলাশৰ ৰহন সানি
ফাগুনৰ লিহিৰি বতাহত হালি জালি নাচিছে
নাচনী ৰূপহী জনীহৈ।
পৰিপূৰ্ণ থকা সেউজীয়া ধাননি দৰা
সৰি পৰা চুলিৰ আকৰ
টোপ টোপকৈ নিয়ৰৰ টোপাল,
ৰক্ত জবা সূৰ্য্যৰ ৰশ্মিত
উঠে তিৰবিৰাই
মুক্ত আকাশৰ তলত
পিতাই সোণোৱালী সপোন
লখিমীক আদৰি অনা
আশাৰ নাই সীমা,
হেঁপাহবোৰো মনত হুৱাদুৱা
আইৰ উমাল স্নেহ সনা হাতৰ পৰশ পাই
লহপহকৈ ৰাংঢালী ৰূপহী সাজত সাজিছে
গালে মুখে পলাশৰ ৰহন সানি
ফাগুনৰ লিহিৰি বতাহত হালি জালি নাচিছে
নাচনী ৰূপহী জনীহৈ।







