তুমিহীনতাৰ যন্ত্ৰণা ...✍ আকাশ ৰাজবংশী

সময়বোৰ বৰ নিষ্ঠুৰ অ'
কাক দুখিম?
সময়ক নে তোমাক নে নিজক?
সৌ আকাশৰ জোন বেলিক সাক্ষী কৰি
তুমি চিৰদিন কাষতে থকাৰ কথা দিছিলা
সকলোবোৰতো ঠিকেই আছে
মাথো তোমাৰ প্ৰতিশ্ৰতিবোৰ হেৰাই গ'ল
কচুপাতৰ পানী পৰাৰ দৰেই
উজাগৰি নিশা যেতিয়া তুমিহীনতা অনুভৱ কৰো
দুচকুৰ মথাউৰি ভাঙি
মোৰ দুগালেদি বৈ আহে চকুলোৰ নৈ
উতপ্ত চকুলোবোৰ
যেতিয়া শিতানৰ গাৰুটোৰে ঢাকি ৰাখিব খোজো
তেতিয়া অনুভৱ কৰো
তুমিহীনতাৰ যন্ত্ৰণা কিমান
মোৰ ভালপোৱাক তুমি দূৰত্বৰ জন্ম দি
বিচ্ছেদৰ বুকুত বিলীন কৰি দিলা
এবাৰো ভাবি নাচালা বিচ্ছেদৰ যন্ত্ৰণা কিমান
তথাপিতো মই মোৰ ভালপোৱাক
অতীতৰ বুকুত জাহ যাবলৈ দিয়া নাই
তোমাক লৈ ৰচা ৰঙিন সপোনবোৰ
অতীতৰ বুকুত বিলীন হ'বলৈ দিয়া নাই
আজিও মোৰ ভালপোৱাৰ সুবাসে
বিলাই যায় তুমি নামৰ এক নতুন সৃষ্টি
আজিও সেই প্ৰথম ভালপোৱাৰ মাদকতাৰে
পোহৰাই ৰাখো মোৰ উজাগৰি নিশা
আৰু সেয়ে হয়তো
তোমাৰ অপেক্ষাত
মোৰ হৃদয়ক আলিংগন কৰি
অহৰ্নিশে বৈ থাকে বিষাদৰ নদী