এদিন হঠাৎ
কাঁচি জোন আকাশত
আৰু এটি দুটি অলেখ ত'ৰা
মই জোনৰ প্ৰেমত
সুন্দৰৰ পৰা সুন্দৰতমলৈ জোনৰ যাত্ৰা
মোৰ ভালপোৱা গভীৰৰ পৰা গভীৰতমলৈ
এটি দুটি ৰাতি বাগৰিল
আৰু জোন সুন্দৰতাৰ পূৰ্ণাংগ ৰূপত
জোনৰ ৰূপকথাৰ বৰ্ণনাত
শব্দৰ অভাৱ অভিধানত
সেই যে পূৰ্ণিমা হ'ল
ক্ৰমশঃ অকাৰণে অজানিতে
জোনৰ গতি দূৰলৈ
দূৰৈৰ নেদেখা দেশলৈ
আকৌ চাগে আঁউসী আহিব
পুনৰ ককবকাম এন্ধাৰত
আৰু পোহৰৰ অভাৱত
হয়তো থিতাপি ল'ম
এখন অচিন জগতত
যি জগতত আত্মাৰ বসতি৷
কাঁচি জোন আকাশত
আৰু এটি দুটি অলেখ ত'ৰা
মই জোনৰ প্ৰেমত
সুন্দৰৰ পৰা সুন্দৰতমলৈ জোনৰ যাত্ৰা
মোৰ ভালপোৱা গভীৰৰ পৰা গভীৰতমলৈ
এটি দুটি ৰাতি বাগৰিল
আৰু জোন সুন্দৰতাৰ পূৰ্ণাংগ ৰূপত
জোনৰ ৰূপকথাৰ বৰ্ণনাত
শব্দৰ অভাৱ অভিধানত
সেই যে পূৰ্ণিমা হ'ল
ক্ৰমশঃ অকাৰণে অজানিতে
জোনৰ গতি দূৰলৈ
দূৰৈৰ নেদেখা দেশলৈ
আকৌ চাগে আঁউসী আহিব
পুনৰ ককবকাম এন্ধাৰত
আৰু পোহৰৰ অভাৱত
হয়তো থিতাপি ল'ম
এখন অচিন জগতত
যি জগতত আত্মাৰ বসতি৷







