কামিজ
(প্ৰতিগৰাকী নাৰীৰ হাতত)
এৱাসূতা এডালে সম্পৰ্ক এটা
কুণ্ডলি পকাই-পকাই বান্ধি
দুজনক এক কৰা হেঁপাহতে
অতিক্ৰম কৰিছিলো
হৃদয়ৰ পৰা হৃদয়লৈ
মাথো সাঁকো এডাল আছিল
পাৰ হৈ যাবলৈ বেছি দূৰ নাছিল
তেতিয়ালৈ জোনটো নাছিল
পোহৰাই তুলিবলৈ আউসী ৰাতি
মোৰ উদং শৰীৰটো চেলেকিছিল
শগুন এটাই আচুৰিছিল
দেহৰ খলাবমাবোৰত
মাথো জোনাকী এজাক উৰি ফুৰিছিল
আধামৰা শৰীৰটোৰ কাষত
তেতিয়ালৈ মই শীতৰ শীতল পাটিত
জঠৰ হৈ পৰিছিলো
ছাই হ'ব ধৰা কলিজাখন
বৰফৰ দৰে হৈ পৰিছিল
মোক খুবেই প্ৰয়োজন আছিল
এটি কামিজৰ
শীতৰ পৰা ৰক্ষা পাবলৈ নহয়
চেলেকাৰ পৰা মই মোক ৰক্ষা কৰিবলৈ
বহু আগতেই প্ৰয়োজন আছিল কামিজৰ
এতিয়া মোৰ খুবেই ইচ্ছা
ছাই হ'ব ধৰা কলিজাখন জঠৰ হৈ থাকিব দিবলৈ
নহ'লে আকৌ কলিজাখন জ্বলি ছাই হ'ব
আঙঠা বোৰত লাগি থকা
মঙহবোৰ শিয়ালে খাব।
(প্ৰতিগৰাকী নাৰীৰ হাতত)
এৱাসূতা এডালে সম্পৰ্ক এটা
কুণ্ডলি পকাই-পকাই বান্ধি
দুজনক এক কৰা হেঁপাহতে
অতিক্ৰম কৰিছিলো
হৃদয়ৰ পৰা হৃদয়লৈ
মাথো সাঁকো এডাল আছিল
পাৰ হৈ যাবলৈ বেছি দূৰ নাছিল
তেতিয়ালৈ জোনটো নাছিল
পোহৰাই তুলিবলৈ আউসী ৰাতি
মোৰ উদং শৰীৰটো চেলেকিছিল
শগুন এটাই আচুৰিছিল
দেহৰ খলাবমাবোৰত
মাথো জোনাকী এজাক উৰি ফুৰিছিল
আধামৰা শৰীৰটোৰ কাষত
তেতিয়ালৈ মই শীতৰ শীতল পাটিত
জঠৰ হৈ পৰিছিলো
ছাই হ'ব ধৰা কলিজাখন
বৰফৰ দৰে হৈ পৰিছিল
মোক খুবেই প্ৰয়োজন আছিল
এটি কামিজৰ
শীতৰ পৰা ৰক্ষা পাবলৈ নহয়
চেলেকাৰ পৰা মই মোক ৰক্ষা কৰিবলৈ
বহু আগতেই প্ৰয়োজন আছিল কামিজৰ
এতিয়া মোৰ খুবেই ইচ্ছা
ছাই হ'ব ধৰা কলিজাখন জঠৰ হৈ থাকিব দিবলৈ
নহ'লে আকৌ কলিজাখন জ্বলি ছাই হ'ব
আঙঠা বোৰত লাগি থকা
মঙহবোৰ শিয়ালে খাব।







