ইচ্ছা ......✍ গোলাপশ্বাহ

ইচ্ছা কৰিলে অকলে নৈ পাৰত বহি
নৈৰ নিচুকনি গীত মন দি শুনিব পাৰি --
ঢৌবোৰক নিচুকুৱা গীত।

ইচ্ছা কৰিলে ডঁৰিকনাৰ স'তে সখিয়তী মেল পাতি --- এখন তামোল ভগাই খাব পাৰি
কৰি ল'ব পাৰি ওঁঠ দুটি ৰঙিন।

ইচ্ছা কৰিলে প্ৰেমত পৰিব পাৰি ---
যিটো মোৰ আজিলৈও হোৱা নাই।

ইচ্ছা কৰিলে সপোন বেচিব পাৰি কিনিব পাৰি --- এইটো ধনেহে কৰে।

ইচ্ছা কৰিলে কলিজাৰ ৰং সলায়
সেউজীয়া কৰিব পাৰি কাৰণ,
মোৰ কলিজাৰ ৰং চোৰে চুৰ কৰি নিছে ---
এতিয়া ৰঙবিহীন হৈ আছে।

ইচ্ছা কৰিলেই ইচ্ছাবোৰ পুৰণ কৰিব পাৰি ---
ইচ্ছা ব্ৰহ্ম
--- ইচ্ছা বিষ্ণু
--- ইচ্ছা শিৱ
--- এতিয়া মই ইচ্ছাৰ অপেক্ষাত ৰৈ আছো!!